ভাৰত দক্ষিণ আফ্ৰিকাৰ তৃতীয় খন টি-২০ত ভাৰতে দক্ষিণ আফ্ৰিকাক ১০৬ ৰাণত পৰাস্ত কৰে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটোৱে এই জয়ৰ সৈতে শৃংখলাটো ১-১ত ড্ৰ কৰে।
দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। খেলৰ আৰম্ভণিতে ভাৰতৰ অপেনাৰ শুভমান গিলে ৬ টা বলত ১২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। তাৰ লগে লগে তিলক বৰ্মাও তেওঁৰ প্ৰথম বলত আউট হয়। ইয়াৰ পিছত যশস্বি জয়ছোৱাল আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে ১১২ ৰাণৰ partnership গঢ়ি তোলে। যশস্বীয়ে ৪১ টা বলত ৬০ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলি আউট হয়। আনহাতে, সূৰ্যকুমাৰে এটা সুন্দৰ শতক অৰ্জন কৰে। তেওঁ ৫৬ টা বলত ৭ টা চাৰি আৰু ৮ টা চয়ৰ সহায়ত ১০০ ৰাণ সংগ্ৰহ কৰে।
ৰিংকু সিঙে ১০ টা বলত ১৪ ৰাণ সংগ্ৰহ কৰি আউট হয় আৰু তাৰ লগে লগে জিতেশ শৰ্মাও ৪ টা বলত ৪ ৰাণ সংগ্ৰহ কৰি পেভেলিয়ানলৈ উভতি যায়। আনহাতে, ৰবীন্দ্ৰ জাদেজাও ২টা বলত ৪ ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয়। অৱশেষত, ভাৰতে 20 অভাৰত 7 টা উইকেট হেৰুৱাই 201 ৰাণ সংগ্ৰহ কৰে।
দক্ষিণ আফ্ৰিকাই ৰাণ-চেজত এটাৰ পিছত এটা উইকেট হেৰুৱায়। দুয়োজন অপেনাৰ মেথিউ ব্ৰিটজকে আৰু ৰিজা হেণ্ড্ৰিক্সে ক্ৰমান্বয়ে ৩ টা বলত ৪ ৰাণ আৰু ১৩ টা বলত ৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। এডেন মাৰ্ক্ৰামে ১৪ টা বলত ৩টা চাৰি আৰু ২ টা ছয়েৰে ২৫ ৰাণ কৰিবলৈ সক্ষম হৈছিল যদিও হেনৰিখ ক্লাসেনে ৫ টা বলত মাত্ৰ ৫ ৰাণ সংগ্ৰহ কৰি তেওঁৰ উইকেট হেৰুৱায়। ডোনোভান ফেৰেৰা ১১ টা বলত ১২ ৰাণকৰি আউট হয়। এণ্ডিল ফেহলুকৱায়োয়ে এই খেলখনত ৰাণৰ খাতা খুলিব নোৱাৰিলে।
এই খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ মিলাৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে। তেওঁ ২৫ টা বলত ২টা চাৰি আৰু ২ টা ছয়সহ ৩৫ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে। অৱশেষত, দক্ষিণ আফ্ৰিকা 13.5 অভাৰত মাত্ৰ 95 ৰাণত অল আউট হয়। কুলদীপ যাদৱে ২.৫ অভাৰত ১৭ ৰাণ দি ৫ টা উইকেট দখল কৰি এক সুন্দৰ বলিংৰ প্ৰদৰ্শন কৰে। ৰবীন্দ্ৰ জাদেজাও দুটা উইকেট দখল কৰে। মুকেশ কুমাৰ আৰু অৰ্শদীপ সিঙে এটাকৈ উইকেট লাভ কৰে।