শীতকাল চলি থকাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পাইছে। এইবাৰ কুঁৱলীৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল দিল্লী আৰক্ষীৰ দুগৰাকী আৰক্ষী পৰিদৰ্শকে।
হাৰিয়ানাৰ সোনেপাট জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। সোনেপাট জিলাৰ কুঁৱলী সীমান্তৰ সমীপত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্য হয়।
সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হোৱা আৰক্ষী পৰিদৰ্শক দুজনৰ নাম দীনেশ বেনিৱাল আৰু ৰণবীৰ চাহান বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
শীতকালত বিভিন্ন ৰাজ্যত কুঁৱলীৰ প্ৰাধান্য বৃদ্ধি পাইছে। কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে বিগত কিছুদিন ধৰি কেইবাটাও স্থানত ৰে’ল আৰু বিমান যাতায়তত সমস্যাৰ সৃষ্টি হৈছে। বহু ক্ষেত্ৰত সময়সূচী সলনি কৰা হৈছে।