জনসমুদ্ৰলৈ ৰূপান্তৰ জোনবিল মেলাৰ বাকৰি:বিভিন্ন সামগ্ৰীৰে এতিয়া ভৰি পৰিছে জোনবিলৰ পাৰ………
জনসমুদ্ৰলৈ ৰূপান্তৰ ঐতিহাসিক জোনবিল মেলাৰ বাকৰি। পাহাৰৰ মামা-মামীৰে ভৰি পৰিছে জোনবিলৰ পাৰ। কাহিলীপুৱাৰে পৰা ভিন্নপ্ৰান্তৰৰ লোকে ভীৰ কৰিছে জোনবিল মেলাত। ভৈয়ামৰ সকলো জনগোষ্ঠী লোকৰ সৈতে পাহাৰৰ মামা-মামীয়ে সম্পন্ন কৰিছে বিনিময় প্ৰথা। মুঠতে বিভিন্ন সামগ্ৰীৰে এতিয়া ভৰি পৰিছে জোনবিলৰ পাৰ।
দৰাচলতে, জোনবিল মেলাত পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে পাহাৰত উৎপাদিত বিভিন্ন খাদ্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, লাৰু, কেঁচা মাছ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰাৰ এক পৰম্পৰা আছে। নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ আদি। ইয়াকে লৈ জাগীৰোডৰ জোনবিলৰ পাৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।
উল্লেখ্য যে, আমচাই পিনুং, বৰমাজং পিনুং, চখা আমনি পিনুং, বালিখুঞ্জি পিনুং, ৰংখৈ বাৰ, খাউৰা ক্রাই, চিলাংখুঞ্জি, উঠাংখুঞ্জি, গমনাচাল, খেয়াপাত, আমদবা, মুগাগুৰি আদিকে ধৰি কাৰ্বি আংলঙৰ পৰা ৫৮খন গাঁও আৰু মেঘালয় ৰাজ্যৰ পৰা মায়ং, মাগৰ, ছাগ্রা আমডুবিঘাট, আমজং, আমফ্রি, উনট্রাই, উমদেন, আমখাং, চিনাদন, উপলাপেৰ, আৰলংহাদা, ন-খাপ, মকেৰ, মৰঙা আদি গাঁৱৰ ৰাইজে পাহাৰত উৎপাদিত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এই বছৰ পৰম্পৰাগৰত জোনবিল মেলাৰ বিনিময় প্রথালৈ ঢাপলি মেলিছে।