অসমত আৰু মাত্ৰ কেইটামান দিনহে আছে আনন্দ মিশ্ৰ। ইতিমধ্যে লখিমপুৰৰ পৰা বিদায় লৈ মহানগৰীত উপস্থিত হৈছে তেওঁ। মহানগৰীত উপস্থিত হৈয়েই আকৌ এবাৰ অসমৰ প্ৰশংসাত পঞ্চমুখ আনন্দ মিশ্ৰ।
বিদায়পৰত আনন্দ মিশ্ৰই ক’লে, ‘এখন পত্ৰলৈ অপেক্ষা কৰি আছো। বস্তু বাহানি মই পঠিয়াই দিলো। মুঠ ৭ বছৰ মই অসমত আছো। মই ৭ বছৰত অসমীয়া শিকিছো। অসমীয়া মই কেনেকৈ শিকি গ’লো মই নিজেও নাজানো। অসমীয়াৰ সমান ধুনীয়া ভাষা জানো পৃথিৱীত আছে! অসমীয়া ভাষা বিৰাট ছুইট, ক’লে কৈ থাকিব মন যায়।
মই অসমীয়া ভাষাৰ নিজা এটা কেৰেক্টাৰ দেখা পাওঁ। অসমৰ পৰা মই এসপ্তাহমানৰ পাছতেই গৈ আছো। অসমত থাকি মই এটা ডাঙৰ কথা শিকিছো। অসমীয়া মানুহ সঁচাকৈয়ে ভাল। অসমীয়া মানুহে মৰমৰ প্ৰতিদান নিবিচাৰে। অসমীয়া মানুহে মোক মৰম দি কি পাইছেনো?
মইতো একো দিব পৰা নাই। অসমে মোক এই শিক্ষাও দিছে যে, কেতিয়াও কাৰো বাবে বেয়া নকৰিব। অসমে দিয়া শিক্ষা মই সদায়ে মানি চলিম। অসমে দিয়া ভালপোৱাক মই কেনেকৈ পাহৰিম। মোৰ সকলো মানুহৰ প্ৰতিয়েই দৃষ্টি একেই। এজন হোমগাৰ্ডেৰ মূৰত অশোক স্তম্ভ থাকে। একেই স্তম্ভ আমাৰ মূৰত আছিল। আমাৰ কাম বেলেগ বেলেগ সেইবুলি তেওঁ তলৰ কৰ্মী বুলি মই কেতিয়াও নাভাৱো। সকলোৰে নিজা ৰেংক আছে।