জ্ঞানবাপী সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান বাৰাণসী জিলা আদালতৰ…………..

অবিৰতভাৱে বাৰাণসী জিলা আদালতত চলি আছিল কাশী জ্ঞানবাপীৰ সৈতে জড়িত বিভিন্ন গোচৰৰ শুনানি। জ্ঞানবাপী সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান বাৰাণসী জিলা আদালতৰ। জ্ঞানব্যাপী মছজিদৰ বিবাদিত অংশত পূজাৰ অনুমতি আদালতৰ। আজি জ্ঞানবাপীৰ বিবদমান ‘ব্যাস কা তেহখানা’ত পূজাৰ অনুমতি প্ৰদান কৰে আদালতে। আদালতে ৭ দিনৰ ভিতৰত তাত পূজা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিছে।

এতিয়াৰে পৰা সকলো লোকে পূজা কৰিব পাৰিব জ্ঞানবাপীৰ বিবদমান ‘ব্যাস কা তেহখানা’ত। এই গুৰুত্বপূৰ্ণ মন্তব্য অধিবক্তা বিষ্ণু শংকৰ জৈনৰ।

মঙলবাৰে হিন্দু-মুছলমান দুয়োপক্ষই এই সন্দৰ্ভত নিজ নিজ যুক্তি প্ৰদৰ্শন কৰিছিল। য’ত হিন্দু পক্ষই তেহখানাত প্ৰৱেশ কৰি পূজা কৰাৰ নিৰ্দেশ বিচাৰিছিল আৰু মুছলমান পক্ষই এই বিষয় সন্দৰ্ভত আপত্তি কৰিছিল। উল্লেখ্য যে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে প্ৰায় ৩মাহ ধৰি জৰীপ চলোৱাৰ সময়ত তেহখানা চাফা কৰা হৈছিল। ১৯৯৩ চনৰ পৰা বন্ধ হৈ আছে ‘ব্যাস কা তেহখানা’।

Comments (0)
Add Comment