কাইলৈ অসমলৈ প্ৰধানমন্ত্ৰী মোদী,খানাপাৰাত জ্বলিব ১ লাখ চাকি, সাজু BJP নেতাৰ পৰা কাৰ্যকৰ্তালৈ

নিৰ্বাচনী ৰণডংকা বজাবলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত ডেৰ লক্ষাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী ৰণডংকা বজাব বিজেপিয়ে।অসমত ১৪খন আসনক কেন্দ্ৰ কৰি আৰম্ভ হৈ গৈছে নিৰ্বাচনী কুচ-কাৱাজ৷

বহুকেইটা প্ৰকল্পৰ শিলান্যাসৰ লগতে আন কেতবোৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ মুকলি কৰিব আলাবৈৰ ৰণৰ স্মৃতিত নিৰ্মাণ কৰা উদ্যান। ভাৰ্চুৱেলী উন্মোচন কৰিব বীৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি। আধাৰশিলা কৰিব বহুকেইখন চিকিৎসা মহাবিদ্যালয়ৰ। প্ৰায় ১০হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

৩ ফেব্ৰুৱাৰীত খানাপাৰাত সেইসকল যুৱ মৰ্চাৰ কার্যকৰ্তাৰ সৈতে মত-বিনিময় কৰিব মুখ্যমন্ত্ৰীয়ে। ৪ ফেব্ৰুৱাৰীত নিৰ্বাচনী বতৰৰ ভল্টেজ হাই কৰিবলৈ খানাপাৰাত একত্ৰিত হ’ব ডেৰ লাখতকৈ অধিক লোক।  প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ উৎসাহী এতিয়া বিজেপিৰ বিধায়কসকল

Comments (0)
Add Comment