মমতাৰ দূৰ্গত বিজেপিৰ নিৰ্বাচনী ৰণডংকা,নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰঞ্জিত দাস

অসমত অন্ত পৰিল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তিনিটা লোকসভা সমষ্টিত ১১৪ খনৰো অধিক সভাত অংশগ্ৰহণ কৰাৰ পিছত নিৰ্বাচনৰ বাবে পশ্চিমবংগলৈ ৰাওনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

অসমত হৈ যোৱা লোকসভা নিৰ্বাচনত কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিত সৰ্বমুঠ ১১৪ খনৰো অধিক বিভিন্ন প্ৰকাৰৰ সভা সম্বোধন কৰাৰ উপৰিও দোকানে দোকানে গৈ ব্যৱসায়ীসকলৰ লগত তথা বিভিন্ন স্থানত ঘৰে ঘৰে গৈ ৰাইজৰ লগত মত-বিনিময় আৰু কেইবাটাও ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

ইয়াৰ পিছত আজি ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে পষেকযোৰা নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে পশ্চিমবংগলৈ বুলি ৰাওনা হৈছে মন্ত্ৰীগৰাকী

অসমত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা সৰ্বমুঠ নিৰ্বাচনী কাৰ্যসূচীসমূহঃ-
👉 ৪৮ খন জনসম্পৰ্ক সভা
👉 ৩৮ খন নিৰ্বাচনী সভা
👉 ৫ খন শক্তিকেন্দ্ৰৰ পৃষ্ঠাপ্ৰমুখ সভা
👉 ২ খন মনোনয়ন দাখিল সভা
👉 ৭ খন মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সমাৱেশ
👉 ৬ খন যোগদান সভা
👉 ৫ খন বিশাল নিৰ্বাচনী সভা
👉 ১ খন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভা
👉 ১ খন মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত অনুষ্ঠিত সভা
👉 ১ খন মিত্ৰজোঁটৰ যৌথ সভা
👉 ১০ টা স্থানত দোকানে দোকানে কৈ মত বিনিময়
👉 ৪ টা ৰোড শ্ব’ তথা পদযাত্ৰা
👉 ১ টা ঘৰে ঘৰে গৈ মত বিনিময়

Best news portal in Assambest news portal in assam top news channel assam best web portal in assam online news assam latest news assamenewsneeye of north east
Comments (0)
Add Comment