ৰাজ্যৰ চৌদিশে বান বিভীষিকা, জনতাৰ মাজত হাহাকাৰ

ৰাজ্যৰ চৌদিশে বতৰে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। নেৰা নেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানত ডুব গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্ত।

ব্যাহত হৈ পৰিছে জনজীৱন! যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে পথাচাৰীয়ে। বিনষ্ট হৈ পৰিছে খেতি-বাতি, ঘৰ-দুৱাৰ।

কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ বাবে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখন খনকৈ চুইজ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত বুৰ গ’ল কচুৱাৰ বিস্তৃৰ্ণ অঞ্চল।

বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমোৱাৰ ফলত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে।

নেৰানেপেৰা বৰষূণৰ ফলত শোনিতপুৰৰ বালিপাৰাতো জলমগ্ন পৰিস্থিতি। জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰালে বালিপৰাৰ দীঘলী,বালিজানৰ বৃহৎ অংশ ৷ প্ৰায় ৩০ টাৰো অধিক পৰিয়ালৰ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁতত বিপদত পৰিছে দক্ষিণ শালমাৰা আৰক্ষী চকী। বানৰ কবলত পৰিছে দক্ষিণ শালমাৰা আৰক্ষী থানা ,থানাৰ ব্ৰেক,কমিনিটি হল,শিৱ মন্দিৰ ৷ ধাৰাষাৰ বৰষুণৰ ফলত থানা চৌহদৰ মাটি নদীত খহি পৰাত আতংকৰ সৃষ্টি হৈছে ৷

দলগাঁৱতো বান বিভীষিকাৰ ফলত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। খেৰণি চাপৰিত ধনশ্ৰী নৈৰ প্ৰৱল খহনীয়াৰ কবলত পৰিছে বিদ্যালয়, অংগনবাদী কেন্দ্ৰৰ লগতে জলজীৱন মিচনৰ পানী যোগান আঁচনিৰ গৃহসহ ৫০ৰো অধিক লোকৰ ঘৰ-বাৰী।

সমান্তৰালভাৱে কৃত্ৰিম বানত ডুবিলে শিলচৰ। বিগত কিছুদিন ধৰি অবিৰত বৰষুণৰ ফলত শিলচৰৰ মন্দিৰদিঘীপাৰ, শিলংপট্টি, পঞ্চায়ত ৰোড, বিবেকানন্দ ৰোড, নেশ্যনেল হাইৱে পইণ্ট, সোনাই ৰোড বানত ডুব যোৱাৰ বাবে পথচাৰীসকল অত্যন্ত কষ্টৰ সন্মুখীন হৈছে।

গহপুৰতো বান বিভীষিকা। ডুবিয়া নদীৰ মথাউৰি চিঙি প্লাৱিত হৈ পৰিছে ১ নং ককিলাগুৰি ,বৰডোপ আদি গাঁও ।ঘৰৰ ভিতৰত পানী সোমোৱাৰ বাবে হাহাকাৰ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

Comments (0)
Add Comment