পোহৰলৈ আহিছে অভিশপ্ত বিস্ফোৰিত ৰীগৰ ঠিকাদাৰ এচ কে পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ নতুন কু-কীৰ্তি। শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা এজন কৰ্মচাৰীৰ পৰিয়ালক প্ৰৱঞ্চনাৰ অভিযোগ৷
২০২৩ চনৰ ২৯ জুলাইত কৰ্মৰত অৱস্থাত মৃত্যুক আঁকোৱালি লৈছিল যোৰহাটৰ পুলিবৰ ভাতেমৰা গাঁৱৰ শান্তনু বৰাই।
এচ কে পেট্ৰত কাম কৰি থকাৰ সময়তেই মৃত্যু হোৱা শান্তনু বৰাৰ পৰিয়ালক আৰ্থিক সাহাৰ্যটো বাদেই শ্ৰাদ্ধ কৰিবৰ বাবেও এটকাও সহায় নকৰিলে শ্ৰীকৃষ্ণ আগৰৱালাই।
বৰ্তমান শ্ৰীকৃষ্ণ আগৰৱালাৰ ফুকন নগৰস্থিত বাসগৃহৰ সন্মুখত মঙলবাৰৰে পৰা অবিৰত প্ৰতিবাদ সাব্যস্ত কৰি তুলা বীৰ লাচিত সেনাৰ প্ৰতিবাদস্থলীত উপস্থিত হয় দুৰ্ভগীয়া প্ৰয়াত শান্তনু বৰাৰ পত্নী বিউটি বৰা।
আঁচলেৰে চকুলো টুকি টুকি কৈ গ’ল কৈলাশ ভৱনৰ উপেক্ষিত-বঞ্চিত-অৱহেলিতৰ কাহিনী৷
এগৰাকী শাৰিৰীকভাৱে সক্ষম কন্যাৰ সৈতে দৰিদ্ৰতাৰে যুঁজ কৰি আহিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। একে সময়তেই প্ৰতিবাদস্থলীত উপস্থিত হয় এচ কে পেট্ৰত কৰ্মৰত অৱস্থাটেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লোৱা প্ৰয়াত বিশ্ব হাজৰিকাৰ পত্নী লক্ষী হাজৰিকা ৷
শেহতীয়াকৈ অনা-অসমীয়া, গভাইত তেলচোৰ তথা বিস্ফোৰিত এচ কে পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে দুগৰাকী দুৰ্ভগীয়া পত্নীয়ে ন্যায় বিচাৰি প্ৰতিবাদস্থলীত উপস্থিত হোৱাৰ ঘটনাই নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: উত্তপ্ত ভটীয়াপাৰ! ‘মাৰোৱাৰী গ’ বেক’ ধ্বনীৰে বীৰ লাচিত সেনাৰ গৰ্জন