আমেৰিকাৰ আক্ৰমণৰ উচিত প্ৰতুত্তৰ দিয়া হ’ব!

ইজৰাইলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব নেকি ইৰানে? দিনক দিনে মধ্যপ্ৰাচ্যত ইৰান-ইজৰাইলৰ যুদ্ধই লৈছে ভয়াৱহ ৰূপ। ইৰানে লক্ষ্য কৰি লৈছে ইজৰাইলক।

নিশা ইজৰাইলৰ কেইবাখনো চহৰত বাজি উঠিল চাইৰেনৰ শব্দ। ইৰান-ইজৰাইলৰ যুদ্ধৰ মাজতে ইৰানে কৰিছে বৃহৎ মন্তব্য। ‘আমেৰিকাৰ আক্ৰমণৰ উচিত প্ৰতুত্তৰ দিয়া হ’ব’।

শেহতীয়াকৈ ইজৰালৰ পক্ষত থকা আমেৰিকাক ধমক প্ৰদান কৰিছে ইৰানে। ইজৰাইলৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে হাই এলাৰ্ট।

আজি ৰাছিয়াৰ সৈতে বৈঠকত মিলিত হৈছে ইৰান। বৈঠকৰ মাজতে আমেৰিকাক লৈ ইৰানে গৰ্জন প্ৰদান কৰিছে। নিশা ইজৰাইললৈ লক্ষ্য কৰি ইৰানে নিক্ষেপ কৰে ক্ষেপনাস্ত্ৰ।

শক্তিশালী খেইবাৰ শ্বেকান ক্ষেপনাস্ত্ৰৰে যুদ্ধৰ আখৰা চলাইছিল ইৰানে। প্ৰথমবাৰৰ বাবে ইৰানৰ তৰফৰ পৰা ইজৰাইললৈ নিক্ষেপ কৰিছে মাল্টি ৱাৰহেড খেইবাৰ ক্ষেপনাস্ত্ৰ। আক্ৰমণৰ পিছতে শংকিত হৈ পৰিছে ইজৰাইল।

সম্প্ৰতি অব্যাহত আছে ইৰান-ইজৰাইলৰ যুদ্ধ। সমান্তৰালভাৱে ইৰানলৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছে ইজৰাইলে।

লগতে পঢ়ক: ‘ইৰাণ আমাৰ পুৰণি বন্ধু’! ইৰানৰ পক্ষত ইজৰাইল। কি হ’ব মধ্যপ্ৰাচ্যৰ পৰিস্থিতি?

Comments (0)
Add Comment