পোহনীয়া জন্তুটোক অত্যধিক মৰম কৰে। কিন্তু জন্তুটোৱে আপোনাক ভাল নাপায়। কিন্তু কিয়? ইয়াৰ কাৰণ কি?

আপোনাৰ পোহনীয়া জন্তুটো আপোনাৰ বাবে আটাইতকৈ প্ৰিয়। জন্তুটোৰ প্ৰতি আপুনি বিভিন্ন ধৰণে প্ৰেম প্ৰকাশ কৰে। কিন্তু তাৰ পিছতো জীৱটো অসন্তুষ্ট হৈ থাকে। ইয়াৰ কাৰণ কি?

মানুহে ইজনে সিজনক আলিংগন কৰি প্ৰেম প্ৰকাশ কৰে। সেইটো সম্পূৰ্ণ স্বাভাৱিক। কিন্তু জন্তুৰ বাবে ই স্বাভাৱিক নহয়।

গতিকে, যেতিয়া আপুনি আপোনাৰ জন্তুটোক ঘৰত পোহপাল দিয়ে, তেতিয়া কেৱল আপুনিহে আনন্দ পায়, জন্তুটোৱে নাপায়।

যিহেতুকে এটা জন্তুৰ প্ৰতিবাদ কৰাৰ ক্ষমতা নাথাকে গতিকে সি অনুভৱ কৰিছে সেই কথা বুজাটো আমাৰ বাবে সম্ভৱ নহয়।

কিন্তু পোহনীয়া জন্তুটোৰ কিছুমান নীৰৱ আচৰণে আপোনাক সূত্ৰ দিব পাৰে। সেই সূত্ৰ চালে হয়তো চালে হয়তো আপুনি জন্তুটোৰ অনুভৱখিনি বুজিব পাৰিব।

বহু সময়ত আপোনাৰ শিশুৱে হয়তো পোহনীয়া জন্তুটোক সাৱটি ধৰি মৰম কৰিব বিচাৰে।

কিন্তু ইয়াৰ ফলত কেতিয়া জন্তুটোৰ ক্ষোভ বৃদ্ধি হৈ হিংসাত্মক ৰূপ ল’ব, তাৰ কোনো আশংকা নাথাকে। যদি জন্তুটোৰ বিৰক্তিয়ে চৰম পৰ্যায় অতিক্ৰম কৰে তেন্তে তেওঁ শিশুটোক হঠাতে কামোৰি দিব পাৰে।

আপুনি হয়তো ভাবিব পাৰে, পোহনীয়া জন্তুটোৱে আপোনাৰ আলিংগনবোৰ ভাল পায়। কাৰণ, আপুনি কেতিয়াবা পোহনীয়া জন্তুটোক ধৰি ৰাখে আৰু জন্তুটোৱে কেতিয়াও আপত্তি নকৰে।

আঁচলতে পোহনীয়া জন্তুটোৱে আপোনাৰ এনে আচৰণ সহ্য কৰিহে থাকে। এক অধ্যয়নৰ বাবে এই বিষয়ে ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক ষ্টেনলি ক’ৰেনে এক অধ্যয়ন চলাইছিল আৰু পোহনীয়া জন্তুৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰি উলিয়াইছিল।

অধ্যাপকগৰাকীয়ে এই অধ্যয়নত ২৫০খন ফটো পৰীক্ষা কৰিছিল য’ত পোহনীয়া জন্তুটোৰ আচৰণত ৮১ শতাংশত মানসিক চাপৰ লক্ষণ দেখা গৈছিল।

আপোনাৰ পোহনীয়া জন্তুটোৱে কেতিয়া অস্বস্তি অনুভৱ কৰে সেই কথা কেনেকৈ জানিব?

সিঁহতে আচলতে আপোনাৰ আলিংগন ভাল পায়নে নাপায়, কিবা অস্বস্তি অনুভৱ কৰিছে নেকি? সেইটো জানিবলৈ প্ৰয়োজনীয় শৰীৰৰ ভাষা শিকাটো অতি জৰুৰী।

১/ আলিংগনৰ সময়ত যদি পোহনীয়া জন্তুটো জঠৰ হৈ পৰিছে, তেন্তে আপোনাৰ আলিংগন সি ভাল পোৱা নাই। যদি সি সুখী বা আনন্দময় হৈ পৰে, তেন্তে ই নিজকে ঢিলা কৰি দিয়ে।

২/ আলিংগনটো ভাল নাপালে মালিকৰ পৰা জন্তুটো আঁতৰি যাব চেষ্টা কৰে। যদি সি আপোনাৰ পৰা হাতখন মূৰৰ পৰা আঁতৰাই দিয়ে, বা চকু মুদি দিয়ে, তেন্তে আপুনি গম পাব যে সি বিচলিত হৈছে।

৩/ বিৰক্তি বাঢ়ি অহাৰ লগে লগে পোহনীয়া জন্তুটোৰ চকুৰ বগা ৰং স্পষ্টকৈ পৰিলক্ষিত হয়।

৪/ বিৰক্তিকৰ জন্তু এটাই ঠেং খন তললৈ নমাই দিয়ে বা পেটৰ তলত সোমাই দিয়ে।

জন্তুটোক প্ৰেম প্ৰকাশৰ বাবে বেলেগ উপায় অৱলম্বন কৰক। উদাহৰণস্বৰূপে, জন্তুটোৰ পেটত ঘঁহি দিলে সিহঁতে সুখী অনুভৱ কৰে। ইয়াৰ বাহিৰেও পিঠি, কাণৰ পিছফালে, ডিঙিৰ তলত হাতেৰে আদৰ কৰিলেও সিহঁতে সকাহ অনুভৱ কৰে।

লগতে পঢ়ক: আমেৰিকাৰ আক্ৰমণৰ উচিত প্ৰতুত্তৰ দিয়া হ’ব!

Comments (0)
Add Comment