হঠাৎ ৰক্তচাপ বৃদ্ধি পাইছে নেকি? ইয়াৰ বাবে আপুনি কি কৰিব?

বৰ্তমান সময়ত কেৱল বয়োজ্যেষ্ঠই নহয়, কম বয়সীয়া লোকসকলো উচ্চ ৰক্তচাপৰ সমস্যাত আক্ৰান্ত হৈ পৰিছে। ৰাতি টোপনিৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্য আৰু মদ্যপানৰ বাবে ৰক্তচাপৰ সমস্যা অধিক বৃদ্ধি পাইছে।

উচ্চ ৰক্তচাপত আক্ৰান্ত লোকসকলে নিয়মিতভাৱে ঔষধ সেৱন কৰিব লাগে আৰু মাজে মাজে ৰক্তচাপ জুখিব লাগে। কিন্তু যদি হঠাৎ আপোনাৰ ৰক্তচাপ বৃদ্ধি পাই আপোনাৰ ওচৰত ঔষধ নাথাকে তেতিয়া কি কৰিব?

হঠাতে ৰক্তচাপ বৃদ্ধি হোৱাটো কোনো ভাল লক্ষণ নহয়। ইয়াৰ ফলত হাৰ্ট এটেকো আহিব পাৰে।

যদি আপুনি বুকুৰ ধপধপনি, মূৰ ঘূৰোৱা বা বমি, চকুৰ সন্মুখত থকা সকলো আন্ধাৰ দেখিবলৈ আৰম্ভ কৰে , লগতে আপোনাৰ হাত-ভৰিৰ পেশী টান হৈ পৰে তেন্তে আপুনি লগে লগে সাৱধানতা অৱলম্বন কৰক।

যদি ৰক্তচাপ বৃদ্ধি হয় তেন্তে সাময়িকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ এই উপায় অৱলম্বন কৰক-

১) গভীৰ উশাহ লওঁক
ৰক্তচাপ সোনকালে নিয়ন্ত্ৰণত আনিবলৈ শ্বাস-প্ৰশ্বাস আৰু ব্যায়াম অতি জৰুৰী। শান্তিৰে বহি গভীৰভাৱে উশাহ লওঁক। কিছু সময় উশাহ বন্ধ কৰি লাহে লাহে এৰি দিব। ১০-২০ ছেকেণ্ডলৈকে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিব।

২) ঠাণ্ডা পানীৰ ব্যৱহাৰ কৰক
ঠাণ্ডা পানীৰ ব্যৱহাৰ এটা অতি উপযোগী পদ্ধতি। মুখ আৰু ডিঙিত ঠাণ্ডা পানী প্ৰয়োগ কৰি শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰি।

ইয়াৰ ফলত ৰক্তবাহী নলীত তেজ জমা হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। চিকিৎসকে মতে, শৰীৰত অস্বস্তি আৰম্ভ হোৱাৰ লগে লগে যদি মূৰ, ডিঙি, মুখ আৰু ভৰি ঠাণ্ডা পানীৰে ধুৱে তেন্তে বিপদ বহু পৰিমাণে হ্ৰাস পায়।

৩) নেমুৰ পানী খাওঁক

নেমুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। চেনি আৰু নিমখ মিহলি নকৰাকৈ নেমুৰ পানী সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। শেহতীয়াকৈ নেমুত থকা এন্টিঅক্সিডেন্টে শৰীৰক শক্তি যোগান ধৰে।

৪) লাহে লাহে পানী খাব

বুকুৰ ধপধপনি, প্ৰচুৰ ঘাম ওলোৱা, মূৰ ঘূৰালে বহি লৈ পানী খাব লাগে। ইয়াৰ ফলত ৰক্ত সঞ্চালন স্বাভাৱিক হয়।

৫) তুলসী পাত আৰু নহৰু খাওঁক

হালধিত এলিচিন নামৰ যৌগ থাকে, যিয়ে ৰক্ত সঞ্চালন স্বাভাৱিক কৰি তেজ জমা হোৱাত বাধা দিয়ে। তুলসী পাতত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও তুলসীত প্ৰদাহ নিবাৰণকাৰী গুণো আছে।

লগতে পঢ়ক: পোহনীয়া জন্তুটোক অত্যধিক মৰম কৰে। কিন্তু জন্তুটোৱে আপোনাক ভাল নাপায়। কিন্তু কিয়? ইয়াৰ কাৰণ কি?

Comments (0)
Add Comment