শুই থকা অৱস্থাত সপোন দেখাটো স্বাভাৱিক। কিন্তু কেতিয়াবা বহু লোকে নিজৰ মৃত্যু হোৱাৰ সপোন দেখা পাই। কিন্তু ইয়াৰ বিষয়ে স্বপ্নশাস্ত্ৰত কি উল্লেখ আছে?
স্বপ্ন শাস্ত্ৰ মতে, আমি দেখা প্ৰতিটো সপোনে কিবা নহয় কিবা ইংগতি দিয়ে। সেই সপোনবোৰ আমাৰ বাস্তৱ জীৱনৰ সৈতে জড়িত হৈ থাকে।
স্বাভাৱিকতে সপোনত নিজৰ মৃত্যু হোৱা দেখিলে মানুহে ভয় খায়। কিন্তু জ্যোতিষ, মনোবিজ্ঞান আৰু স্বপ্ন শাস্ত্ৰত ইয়াৰ বহু অৰ্থৰ উল্লেখ আছে।
সপোনত নিজৰ মৃত্যু দেখিলে ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল আপুনি দীৰ্ঘদিন জীয়াই থাকিব আৰু বিপদৰ পৰা সকাহ লাভ কৰিব। তাৰোপৰি ইয়াক নতুন পৰিৱৰ্তনৰ আৰম্ভণি বুলি গণ্য কৰা হয়।
লগতে যদি আপুনি কোনো পৰিস্থিতিত অতিকৈ বিচলিত হৈ আছে আৰু সেই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি আছে তেন্তে এই সপোনটোৱে আত্মনিৰীক্ষণৰ ইংগিত প্ৰদান কৰে।
কেৱল ইমানেই নহয়, আপুনি শীঘ্ৰেই ভাল কৰিব বুলি স্বপ্নশাস্ত্ৰত উল্লেখ আছে।