‘বজৰংগী ভাইজান’ৰ ‘মুন্নী’ৰ কথা আপোনাৰ নিশ্চয় মনত আছে। কণমাণি তাৰকাগৰাকী আছিল ছলমান খান অভিনীত ছবিখনৰ মূল অভিকেন্দ্ৰ মুন্নী অৰ্থাৎ অভিনেত্ৰী হৰ্ষালী মালহোত্ৰা।
কবীৰ খানৰ দ্বাৰা পৰিচালিত ছবিখনত তেতিয়া মুন্নীৰ বয়স আছিল ৬-৭ বছৰ। বৰ্তমান ১০ বছৰ অতিক্ৰম কৰিছে যদিও মু্ন্নী আৰু বজৰংগীৰ মাজত সেই মনোমোহা দৃশ্য এতিয়াও দৰ্শকৰ মনত অক্ষত অৱস্থাত আছে।
বৰ্তমানলৈকে বলীউদৰ সৰ্বাধিক দৰমহা পোৱা শিশু শিল্পী হৈছে ‘মুন্নী’ অৰ্থাৎ হৰ্ষালী।
হৰ্ষালীৰ দৈনিক মাচুল আছিল ২ লাখ টকা। ছবিখন মুঠ ১০০ দিনৰ বাবে শ্বুটিং কৰা হৈছিল। হৰ্ষালী মালহোত্ৰাই ১০০ দিনত লাভ কৰিছিল মুঠ ২ কোটি টকা।
বৰ্তমান তেওঁৰ মুঠ সম্পত্তি ৫০ লাখ। বৰ্তমান অনুৰাগীসকলে বজৰংগী ভাইজানৰ দ্বিতীয় খণ্ডৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।