টোপনিত সপোন দেখাটো সাধাৰণ কথা। সপোন বেয়া বা ভাল দুই প্ৰকাৰৰ হ’ব পাৰে। কিন্তু যদি আপুনি সঘনাই বেয়া সপোন দেখা পাই তেন্তে ই স্বাস্থ্যৰ বাবে কোনো বেয়া সংকেত হ’ব পাৰে।
‘ইউৰোপিয়ান অকাডেমী অৱ নিউৰ’লজী ৰ প্ৰতিবেদন অনুসৰি, যি লোকে প্ৰতি সপ্তাহতে দুঃস্বপ্ন দেখা পায় তেনে লোকসকলৰ ৭০ বছৰৰ পূৰ্বে অকাল মৃত্যু হোৱাৰ সম্ভাৱনা ৩ গুণ অধিক হয়।
তাৰোপৰি গৱেষকৰ মতে, বাৰে বাৰে দুঃস্বপ্ন দেখা ঘটনাই আমাৰ স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰে।
গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, ধূমপান, মেদবহুলতা, দুৰ্বল খাদ্যভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদি বিপদজ্জ্বনক কাৰকতকৈ বেয়া সপোনে ‘অকাল মৃত্যু’ৰ আশংকা বৃদ্ধি কৰে।
ইয়াৰ বিষয়ে গৱেষণাই কি কয়?
দুঃস্বপ্নই আমাৰ শৰীৰত প্ৰভাৱ পেলায়। এক পৰীক্ষাৰ যোগেদি গৱেষকসকলে জানিব চেষ্টা কৰিছিল যে, এজন ব্যক্তিয়ে সঘনাই দুঃস্বপ্ন দেখিলে তেওঁলোকৰ কোষবোৰ কিমান দ্ৰুতগতিত বৃদ্ধি পায়।
এই গৱেষণাৰ নেতৃত্ব বহন কৰিছিল ইউকেৰ ‘ডিমনেছিয়া ৰিচাৰ্ছ ইনষ্টিটিউট আৰু ইম্পৰিয়ন কলেজ লণ্ডন’ৰ ডাঃ অবিডেমী অটাইকুৱে।
তেওঁৰ দলটোৱে ৮ৰ পৰা ১০ বছৰীয়া ২৪২৯ টা শিশু, ২৬ৰ পৰা ৮৬ বছৰীয়া ১,৮৩,০১২ গৰাকী বয়স্ক ব্যক্তিৰ তথ্য বিশ্লেষণ কৰিছে। প্ৰায় ১৯ বছৰ নিৰীক্ষণৰ অন্তত পোহৰলৈ আহিছে এই তথ্য।
গৱেষকসকলৰ তথ্যই সকলোকে আঁচৰিক কৰি তুলিছিল। তেওঁলোকে কয় যে, ‘যিসকল লোকে সপ্তাহত এবাৰ বা তাতকৈ বেছি বেয়া সপোন দেখা পায় তেওঁলোকৰ টেল ‘মিৰ চুটি হোৱা দেখা যায়।’
‘এই টেল’মিৰবোৰ সুস্থ কোষ বিভাজনৰ বাবে অতি জৰুৰী। যেতিয়া ই চুটি হৈ পৰে তেতিয়া ই কোষৰ বয়স বৃদ্ধিৰ ইংগিত দিয়ে।’
দুঃস্বপ্নৰ প্ৰভাৱ বয়সত কিয় পৰে?
গৱেষকসকলে কয় যে, দুঃস্বপ্নই টোপনিৰ গুণাগুণ আৰু টোপনিৰ সময় দুয়োটাতে ব্যাঘাত জন্মায়, যাৰ ফলত শৰীৰৰ কোষীয় পৰ্যায়ত নিজকে মেৰামতি কৰাৰ ক্ষমতাত প্ৰভাৱ পৰে। যেতিয়া টোপনিত ব্যাঘাত জন্মে তেতিয়া নিশা শৰীৰটোৱে নিজৰ প্ৰয়োজনীয় কাম কৰিব নোৱাৰে।
সময়ৰ লগে লগে দুৰ্বল টোপনি আৰু দীৰ্ঘদিনীয়া মানসিক চাপে আমাৰ কোষ আৰু শৰীৰৰ বয়স বৃদ্ধি তুৰাম্বিত কৰাত মুখ্য ভূমিকা ল’ব পাৰে।
তথ্য অনুসৰি,শুই থাকিলে আমাৰ মগজুৱে সপোন আৰু বাস্তৱৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে। যাৰ ফলত মানুহৰ ঘাম, উশাহ-নিশাহ লোৱাত কষ্ট আৰু হূদস্পন্দন বৃদ্ধি আদি সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত কৰ্টিছল হৰ’মন বৃদ্ধি হ’ব পাৰে।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহে পৰ্যাপ্ত টোপনি যোৱাতো অতি প্ৰয়োজন। লগতে ভাল খাদ্য আৰু জীৱনশৈলী উন্নত কৰা অতিকৈ প্ৰয়োজন।
লগতে পঢ়ক: ‘মুন্নী’ক মনত আছেনে? ‘বজৰংগী ভাইজান’ৰ পৰা কিমান টকা উপাৰ্জন কৰিছিল মুন্নীয়ে?