শেহতীয়াকৈ ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মাণ্ডী জিলাৰ থুনাগত পানী যোগান ব্যৱস্থাৰ যন্ত্ৰপাতি, পানীৰ পাইপ, ট্ৰেন্সফৰ্মাৰ আদি পানীত জাহ যোৱাৰ ফলত ভয়াৱহ জল সংকটৰ সন্মুখীন হৈছে হিমাচল প্ৰদেশ।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত সমগ্ৰ হিমাচল প্ৰদেশত অবিৰত বৰষুণৰ ফলত ৰাজহুৱা সেৱা সমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে।
মুঠ ২৬৯টা পথ অৱৰোধ হৈ পৰাৰ লগতে ২৮৫টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ বিকল হৈ পৰিছে আৰু ২৭৮টা পানী যোগান আঁচনিৰ কামো বন্ধ হৈ পৰিছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি, প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন, পানী জমা , আৰু আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ ফলত একাধিক জিলাৰ পথ সংযোগ আৰু অত্যাৱশ্যকীয় সেৱাসমূহত ব্যাঘাত জন্মিছে।
সেৱাসমূহ দ্ৰুতভাৱে পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু মাণ্ডি আৰু কুল্লুৰ দৰে অতি প্ৰভাৱিত অঞ্চলত ক্ষেত্ৰ দলসমূহ সতৰ্ক হৈ আছে।
কৰ্তৃপক্ষই বিশেষকৈ ভূমিস্খলনৰ প্ৰৱণতা থকা অঞ্চলত অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা যাত্ৰীসকলক আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।
বৰ্তমান পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে, ৰাজহুৱা কাম, বিদ্যুৎ, আৰু জল শক্তি বিভাগে ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি মেৰামতিৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি সদৰী কৰাৰ লগতে শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে বিভাগে চেষ্টা কৰি আছে বুলি তথ্য প্ৰকাশ কৰিছে।
জল শক্তি বিভাগৰ মুখ্য অভিযন্তা অঞ্জু শৰ্মাই অঞ্চলটো ক্ষয় ক্ষতিৰ বুজ লৈ সংবাদ মাধ্যমৰ উল্লেখ কৰে যে, ‘এই সমষ্টিৰ ৮১টা পঞ্চায়তৰ আটাইকেইটাই ক্ষতিগ্ৰস্ত হৈছে। ভুক্তভোগী ৰাইজে বিশুদ্ধ খোৱা পানীৰ উৎসৰ সন্ধানত নামি পৰিছে।
তাৰোপৰি “পানীৰ পাইপবোৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে, যদিও ডাঙৰ আঁচনিবোৰে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । আমাৰ ট্ৰেন্সফৰ্মাৰ আৰু যন্ত্ৰপাতিবোৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে” বুলিও মন্তব্য কৰে মুখ্য অভিযন্তা অঞ্জু শৰ্মাই।
বিভাগটোক সহযোগিতা কৰাৰ উপৰিও ষ্ট’ৰেজ বা হেণ্ড পাম্পৰ পানী ব্যৱহাৰ কৰাৰ লগতে পানী উতলাই খাবলৈও জনসাধাৰণ আহ্বান জনাইছে অভিযন্তাগৰাকীয়।