দিনক-দিনে অধিক অৱনতি ঘটিছে ভাৰত-চীনৰ মাজৰ সম্পৰ্কত। বিগত সংয়ছোৱাতো চীনে ভাৰতৰ বিৰুদ্ধে অনেক ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। বৰ্তমান চীনে ভাৰতৰ বিৰুদ্ধে জলবোমা প্ৰস্তুত কৰি আছে বুলি শেহতীয়া তথ্য অনুসৰি জানিব পৰা গৈছে।
ভাৰতৰ সীমান্তৰ সমীপত বিশ্বৰ সৰ্ববৃহৎ চীনে নিৰ্মাণ কৰিবলৈ ওলাইছে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ। তিব্বতত এই নদীখনৰ নাম হৈছে য়াৰলুং ছাংপো। যিটো বান্ধক ভাৰতত জলবোমা বুলি অভিহিত কৰা হৈছে।
এই সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উদ্বেগ প্ৰকাশ কৰি কয় যে, “চীনে এই প্ৰকল্পটোক জলবোমা হিচাপে ব্যৱহাৰ কৰিব পাৰে।”
“য়াৰলুং ছাংপো নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পটো গুৰুতৰ চিন্তাৰ বিষয়, কাৰণ চীনে আন্তঃৰাষ্ট্ৰীয় জল সন্ধি স্বাক্ষৰ কৰা নাই।”
“যাৰ বাবে তেওঁলোকক এই চুক্তিয়ে কোনো কাৰণতে প্ৰভাৱিত কৰিব নোৱাৰে। এনে পৰিস্থিতিত পানী বন্ধ কৰা আৰু এৰি দিয়াৰ ক্ষেত্ৰত চীনে নিজৰ ইচ্ছাৰ মাষ্টাৰ হ’ব।”
“যদি এই বান্ধে হঠাতে পানী এৰি দিয়ে তেন্তে সমগ্ৰ অঞ্চল পানীৰ তলত বুৰ যাব।”
তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “এই পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত অৰুণাচল প্ৰদেশৰ চৰকাৰে ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ কথা চিন্তা কৰি আছে।”
“মোৰ সন্দেহ হৈছে, চীনে ইতিমধ্যে নিজৰ কাম আৰম্ভ কৰিছে। যদি বান্ধ নিৰ্মাণ হয় তেন্তে ছিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ প্ৰবাহ যথেষ্ট হ্ৰাস পাব পাৰে।”
“কিন্তু যদি ভাৰত চৰকাৰে কৰা পৰিকল্পনা অনুসৰি বিকল্প বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ সমস্যা বহুখিনি হ্ৰাস পাব পাৰে।”
“চীনে যদি ভৱিষ্যতে পানী এৰি দিয়ে তেন্তে নিশ্চিতভাৱে বানপানী হ’ব, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব। ইয়াৰ বাবে শীঘ্ৰেই ৰাইজৰ সৈতে বৈঠকত মিলিত হ’ম।”
লগতে পঢ়ক: ভয়াৱহ দুৰ্ঘটনা! দলং ভাঙি নৈত পৰিল কেইবাখনো বাহন, মৃত্যু ১০ জনৰ, আহত কেইবাগৰাকীও!