শুক্রবাৰে জনতা ভৱনত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (SITA)ৰ উপাধ্যক্ষ নাৰায়ণ চন্দ্ৰ বৰকটকীৰ সৈত বৈঠকত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
বৈঠকত গৃহসমষ্টি বোকাখাতৰ অন্তৰ্গত কাজিৰঙাৰ বৰভেটাত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ব্যৱস্থা কৰা “Upscaling of Livelihood: Implementation Through Smart Agriculture and Agri-Eco-Tourism” শীৰ্ষক প্ৰকল্পটোৰ ৰূপায়ণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে মন্ত্রীগৰাকীয়ে।
গ্ৰাম্য জীৱিকাৰ ভেটি টনকিয়াল কৰা, আধুনিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ তথা অঞ্চলটোৰ পৰিৱেশ পৰ্যটনক উৎসাহিত কৰা আদি সম্ভাৱনাৰে পূৰ্ণ এই উল্লেখযোগ্য প্ৰকল্পটোৰ বাবে সঠিক পৰিকল্পনা আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰূপায়ণত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰকল্পটোৰ সফল ৰূপায়ণে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব বুলি বৃহৎ মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।
তাৰোপৰি, “ই অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নতো অৰিহণা যোগাব বুলি আমি দৃঢ় বিশ্বাসী” বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
এই প্ৰকল্পৰ সফলতাপূৰ্ণ ৰূপায়ণৰ দিশত যথাসম্ভৱ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা বৈঠকত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী ড° ৰঞ্জন দাসো উপস্থিত থাকে।
লগতে পঢ়ক: ভাৰতৰ বিৰুদ্ধে চীনৰ সৰ্ববৃহৎ পৰিকল্পনা! চীনে তৈয়াৰ কৰি আছে জলবোমা!