দেওৰৰ সৈতে অবৈধ সম্পৰ্ক! বন্ধুক মাতি আনি স্বামীৰ সৈতে কি কৰিলে পত্নীয়ে ?

এগৰাকী মহিলাৰ বিৰুদ্ধে দেওৰৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। নিজ ভাতৃ আৰু পত্নীক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰাৰ বাবে স্বামীক হত্যা কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচিলে পত্নীয়ে।

ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ জংগীপুৰ থানা এলেকা। পত্নীয়ে স্বামীক প্ৰতাৰণা কৰি স্বামীৰ ভাতৃৰ সৈতে স্থাপন কৰিলে অবৈধ সম্পৰ্ক।

তাৰ পিছতে ভাতৃ আৰু পত্নীক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰাৰ বাবেই স্বামীৰ মুখ বন্ধ ৰাখিবৰ বাবে হত্যাৰ ধমক প্ৰদান কৰিলে দুয়ো অবৈধ প্ৰেমিক-প্ৰেমিকাই।

তথ্য অনুসৰি, ভুক্তভোগীৰ ভাতৃয়ে আন এজন ব্যক্তিৰ জৰিয়তে হত্যাৰ চেষ্টা কৰিছিল। তাৰ পিছতে হূলস্থূল কৰাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ভুক্তভোগীৰ।

উল্লেখ্য যে, ৰাজহুৱা লাজৰ ভয়ত স্বামীয়ে কাৰো আগত প্ৰকাশ কৰা নাছিল পত্নী আৰু ভাতৃৰ অবৈধ প্ৰেমৰ কথা। ভাতৃ আৰু পত্নীয়ে অৱশেষত সকলো ভুল বুজি পাব।

কিন্তু ভবা মতে একো নহ’ল। বিষয়টো দিনক দিনে বাঢ়ি গৈ থাকিল। পত্নীয়ে তেওঁক প্ৰতিদিনে হত্যাৰ ভাবুকি দি গৈ থাকিল। আনকি খাদ্যত বিষ মিলাই স্বামীক হত্যাৰ চেষ্টা কৰিছিল প্ৰতাৰক পত্নীয়ে।

অৱশেষত উপায়ন্তৰ হৈ জাংগীপুৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী স্বামীয়ে। কিন্তু জাংগীপুৰ আৰক্ষীয়ে বিষয়টোত কোনো গুৰুত্ব আৰোপ নকৰাত আৰক্ষী অধীক্ষকৰ কাষ চাপিছে ভুক্তভোগী স্বামীয়ে।

তাৰ পিছতে আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ভুক্তভোগীৰ পত্নী আৰু ভাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে জাংগীপুৰ আৰক্ষীয়ে।

লগতে পঢ়ক: তাই মোৰ নহ’ল যেতিয়া ময়ো কাৰো হ’বলৈ নিদিওঁ! কিয় বাল্মিকীৰ পৰা ৰত্নাকৰ হ’ল স্বামী?

Comments (0)
Add Comment