এজাক বৰষুণতে খহিল মূল পথ। ব্যাহত যাতায়ত ব্যৱস্থা। এটা বিধ্বস্ত পথে ৰাইজৰ খুৱাইছে জ্বলা-কলা!

পলস মাটিৰে ৰাস্তা নিৰ্মাণ কৰাত কিছু ঘণ্টাজোৰা এজাক বৰষুণতে মথাউৰি ছিঙি যোৱাৰ অভিযোগ।

যাৰ বাবে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। বিধ্বস্ত পথটোৰ বাবেই জ্বলা কলা ভুগিছে সাধাৰণ ৰাইজে। শীঘ্ৰে পথ নিৰ্মাণৰ বাবে দাবী জনাইছে ক্ষোভিত ৰাইজে।

বজালীৰ মৈৰামভিঠাৰ মথাউৰিত মূল পথ ছিঙি যোৱাক লৈ চাঞ্চল্য। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা পলস মাটিৰে ৰাস্তা নিৰ্মাণ কৰাত এজাক বৰষুণতে মথাউৰি ছিঙি যোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

শীঘ্ৰে পথ নিৰ্মাণৰ দাবী জনাইছে হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে।

লগতে পঢ়ক: বিয়াৰ পাছত কিয় ওজন বৃদ্ধি পায়? ইয়াৰ কাৰণ কি?

Comments (0)
Add Comment