বৰষুণৰ অভাৱত পানীত হাহ নচৰা অৱস্থা কৃষক সমাজত। বৰষুণ অহাৰ আহ্বানেৰে নিশা ঘৰে ঘৰে হাল বালে কৃষকে।
এজাক বৰষুণৰ আশাত মূৰে-কঁপালে হাত দি বৰষুণলৈ অপেক্ষা কৰি ৰৈছে কৃষকে। বৰষুণৰ আশাত এটা এটাকৈ ক্ষণ গনিছে কৃষকে। বাৰিষাৰ দিনটো পথাৰত পৰিলক্ষিত হৈছে চিৰাল ফাঁট।
চতিয়াৰ মাগুৰমাৰী গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি। উপায়ন্তৰ হৈ কৃষকে পালন কৰিবলগীয়া হৈছে পুৰণিকলীয়া পৰম্পৰা।
কোনোৱে যদি বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতিছে কোনোৱে আকৌ নাঙল চুৰি কৰি মানুহৰ ঘৰে ঘৰে নিশা হাল বাইছে। কিন্তু তাৰ পিছতো কোনো ধৰণৰ আশাৰ ৰেঙণি দেখা পোৱা নাই কৃষকসকলে।
কৃষিৰ ওপৰতে নিৰ্ভৰশীল অথচ জলসিঞ্চন ব্যৱস্থায়েও স্পৰ্শ নকৰা এইসকল কৃষকে এতিয়া বৰুণ দেৱতাৰ কৃপাদৃষ্টি কামনা কৰিছে।
লগতে পঢ়ক: বিদ্যুৎ বিহীন এখন ফেন! বিদ্যুৎ নোহোৱাকৈয়ে হাত আৰু ভৰিৰে চলাব পাৰে ফেনখন!