কোনো দয়া নাই, ক্ষমা নাই অবৈধ বেদখলকাৰীৰ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰশাসনৰ বুলড’জাৰ! এইবাৰ খালী মাটিত পৰিব প্ৰশাসনৰ হাঁতোৰা!

বেদখলকাৰীৰ বিৰুদ্ধে দিনক দিনে অধিক কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰী ভূমিত পৰিছে প্ৰশাসনৰ হাঁতোৰা। বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হ’ব অসমৰ ২৯ লাখ বিঘা মাটি। উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

লখিমপুৰ, গোৱালপাৰা, পাইকানৰ পিছত এইবাৰ মাৰ্ঘেৰিটাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উল্লেখ্য যে, একাংশ বেদখলকাৰীয়ে দখল কৰিছে মাৰ্ঘেৰিটাৰ খালী মাটি। মাৰ্ঘেৰিটাৰ খালী মাটিত চলিব প্ৰশাসনৰ বুলড’জাৰ।

যি স্থানত অবৈধ বেদখলকাৰী আছে সকলো স্থানতে পৰ্যায়ক্ৰমে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদিতৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।

লগতে পঢ়ক: দিনতেই অন্ধকাৰময় হৈ পৰিব পৃথিৱী! বিৰল মূহূৰ্তৰ সাক্ষী হৈ ৰ’ব সমগ্ৰ বিশ্ববাসী! মাত্ৰ কেইটামান দিন বাকী।

#EEWSNE #EVICTION #ASSAMGOVERNMENT4
Comments (0)
Add Comment