মাজত বাকী কেইটামান মূহূৰ্ত। বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰ’ব সমগ্ৰ বিশ্ববাসী। এয়া হ’ব বিৰল আৰু অবিস্মৰণীয় পৰিঘটনা। কাৰণ এই বিশেষ দিনটোত দিনতেই অন্ধকাৰময় হৈ পৰিব পৃথিৱী। যাৰ বাবে জ্যোতিৰ্বিজ্ঞান প্ৰেমী আৰু বিশ্বৰ কোটি কোটি মানুহৰ বাবে ঐতিহাসিক হৈ পৰিব এই দিনটো।
২০২৭ চনৰ ২ আগষ্টত বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ’ব বিশ্ববাসী। সুদীৰ্ঘ ১০০ বছৰৰ পিছত পৰিলক্ষিত হ’ব এই বিৰল দৃশ্য। কাৰণ সেই দিনটোত হ’ব আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ।
প্ৰায় ৬ মিনিট ২৩ ছেকেণ্ড সময় ধৰি চলি চলিব এই গ্ৰহণ। উল্লেখ্য যে, যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ সম্পূৰ্ণ মাজলৈ আহে তেতিয়াই সূৰ্যগ্ৰহণ হয়। চন্দ্ৰৰ এই অৱস্থানৰ বাবে সূৰ্ষৰ পোহৰ পৃথিৱীলৈ পাৰ হ’ব নোৱাৰে আৰু দিনতেই অন্ধাকাৰ হৈ পৰে।
জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, বহু সময় ধৰি চলিব ২০২৭ চনৰ ২ আগষ্টৰ এই সূৰ্যগ্ৰহণ। মূলতঃ উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ কিছুমান দেশত পৰিলক্ষিত হ ‘ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ।
তাৰোপৰি স্পেইন, আলজেৰিয়া, মৰস্কো, লিবিয়া, চৌদি আৰৱ, টিউনিছিয়া, চুডান আৰু য়েমেনৰ কিছু অংশতো প্ৰত্যক্ষ কৰিব পাৰিব এই সূৰ্যগ্ৰহণ।
তাৰ বিপৰীতে ভাৰতৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাইৰ দৰে চহৰত আংশিকভাৱেহে সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব।
লগতে পঢ়ক: ‘হে বৰুণ দেৱতা আমাক ৰক্ষা কৰক’! ভেকুলী বিয়াৰ পৰা নাঙল চুৰিলৈকে সকলো! কিন্তু বৰষুণ কেতিয়া?