অসমৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। পুৱাৰ পৰা নিশালৈকে আৰক্ষীয়ে চলাইছে বাংলাদেশী বিৰোধী অভিযান।
প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে এটাৰ পিছতো আনটো বাংলাদেশী নাগৰিকসহ ভাৰতীয় দালাল।
বঙাইগাঁৱৰ পিছত এইবাৰ মানকাচৰত ধৰা পৰিছে ৮ বাংলাদেশী নাগৰিক। কিছুদিন পূ্ৰ্বে বঙাইগাঁৱৰ ৰে’ল জংচনৰ পৰা আৰক্ষীয়ে আটক কৰিছিল ৮ বাংলাদেশী নাগৰিকক।
তাৰ পিছতে শুক্ৰবাৰে মানকাচৰত আটক কৰা হৈছে ৮ বাংলাদেশী নাগৰিকসহ ভাৰতীয় দালালক। মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ধৃত ৮ বাংলাদেশী নাগৰিকে।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ যৌথ অভিযানত মানকাচৰৰ ফেকামাৰীৰ পৰা ৮ বাংলাদেশী নাগৰিকক আটক কৰা হৈছে।
দীৰ্ঘ দিন ধৰি ভাৰতত থকাৰ পিছত মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি বাংলাদেশ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশী কেইটাই।
আটকাধীন বাংলাদেশীকেইটা ৰাজশাহী জিলাৰ তাৰেক আলী, মহম্মদ ৰুবেল, মহম্মদ ৰিয়াজ, মহম্মদ ৰিয়াছ, আব্দুল হামিদ, মহম্মদ নাদিম ইছলাম, দুলাল হক, মহম্মদ মুৰছালিম আৰু মহম্মদ ছাইফুল ইছলাম।
লগতে পঢ়ক: ৰাজপথলৈ বাহনখন ওলিয়াই নিয়াৰ পূ্ৰ্বে সাৱধান! বিপদত পৰিব পাৰে আপুনি!