দেশভক্তি দিৱসত ডাঃ ৰণোজ পেগু। দেশভক্ত তৰুণৰাম ফুকনক স্মৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

আজি দেশভক্তি দিৱস। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনক দেশজুৰি স্মৰণ। সেই উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত জনতা ভৱনৰ আই ব্লকৰ ভূমি মহলাত আয়োজিত দেশভক্তি দিৱসত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি দেশভক্ত তৰুণৰাম ফুকনক স্মৰণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে।

দেশভক্তি কেৱল মাথো এটা শ্লোগান নহয়, ই হৈছে প্ৰতিজন নাগৰিকৰ নাগৰিক হিচাপে স্বদেশ তথা ৰাজ্যৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ এটা বাক্য” বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকি “তৰুণৰাম ফুকনৰ দেশ আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতা আমাৰ নতুন প্ৰজন্মই হৃদয়ংগম কৰিব লাগিব” বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

তাৰোপৰি তেওঁ উল্লেখ কৰে যে, “তৰুণ ৰাম ফুকন এক বহুমুখী প্ৰতিভাৰ গৰাকী আছিল। কাৰণ সেই দিনতে তেওঁ বিলাতৰ পৰা বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰিছিল যদিও দেশ জাতি মাটিৰ কাৰণে সকলো ত্যাগ দি দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে তেওঁ সোমাই পৰিছিল”।

“এই কথাই আমাক তেওঁৰ ত্যাগ আৰু কষ্টৰ কথা সোঁৱৰাই দিয়ে কাৰণ, উচ্চ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতো সকলো ত্যাগ কৰি তেওঁ দেশৰ স্বাৰ্থত নিজকে নিয়োগ কৰিছিল। বৰ্তমান একবিংশ শতিকাত নেতৃত্ব হৈছে এটা অতি প্ৰাসংগিক বিষয়। কাৰণ জাতি আৰু সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকে এক সৱল নেতৃত্ব গ্ৰহণ কৰিব লাগিব।”

উল্লেখ্যে যে, এই দিৱসৰ লগত সংগতি ৰাখি মহান ব্যক্তিগৰাকীৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজলৈ নিয়াৰ উদ্দেশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় এখন কুইজ প্ৰতিযোগিতাও। য’ত অংশগ্ৰহণ কৰে দেশৰ ৩৪৮ টা গ্ৰুপে।

অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰীকাইও দেশভক্ত তৰুণৰাম ফুকনক স্বৰণ কৰি তেওঁৰ কৰ্মৰাজিৰ আলোকপাত কৰে।

ইয়াৰ লগতে এই অনুষ্ঠানৰে সংগতি ৰাখি সোমবাৰে পুৱাৰ ভাগতে ভৰলুস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত থকা দেশভক্ত গৰাকীৰ প্ৰতিমূৰ্ত্তীত তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিবেদন কৰে শ্ৰদ্ধাঞ্জলি।

লগতে পঢ়ক: ৰাস্তাই-ঘাটে ৰীল বনাই ভালপোৱা সকল সাৱধান! কেৱল জৰিমনা বিহাই নহয়, জে’ল পৰ্যন্ত হ’ব পাৰে………..

#ENEWSNE #RANOJPEGU
Comments (0)
Add Comment