‘মিঞাক সহায় কৰিব ৰাজ্য চৰকাৰে!’ মিঞাই মিঞালেণ্ড বিচাৰিলে নিশ্চয় মিঞালেণ্ড হ’ব!

সম্প্ৰতি অসমত চৰ্চাৰ বিষয় হৈ পৰিছে মিঞালেণ্ড। অসমত মিঞালেণ্ড বনাবৰ বাবে একাংশই চৰকাৰক দাবী উত্থাপন কৰিছে। শেহতীয়াকৈ মিঞালেণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।

ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, মিঞাই যদি মিঞালেণ্ড বিচাৰে তেন্তে নিশ্চয় মিঞালেণ্ড হ’ব।

ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মিঞাক সহায় কৰা হ’ব। মিঞালেণ্ড হোৱাত চৰকাৰৰ কোনো আপত্তি নাই। কিন্তু অসমত কোনো কাৰণতে মিঞালেণ্ড নহয়।

অসমৰ পৰিৱৰ্তে বাংলাদেশত হ’ব মিঞালেণ্ড। যদি বাংলাদেশ ভৰি যায় তেন্তে আফগানিস্তানতো মিঞালেণ্ড কৰা হ’ব। এইদৰে মিঞালেণ্ড দাবী কৰা একাংশক উত্তৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: “জনহিত জন সেৱাৰ্থে” শ্লোগানত কালিমা! সুৰাসক্ত আৰক্ষী বিষয়াই সংঘটিত কৰিলে কু-কাণ্ড

Comments (0)
Add Comment