ৰাজ্যজুৰি অব্যাহত আছে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুৱাৰে পৰা গুঞ্জৰিত হৈ উঠিছে বুলড’জাৰৰ শব্দ।
হাজাৰ হাজাৰ এক্সভেটৰেৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ। দিনক দিনে বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে উৰিয়ামঘাটত জোৰদাৰ গতিত চলিছে উচ্ছেদ অভিযান। উৰিয়ামঘাটত দয়া নাই, ক্ষমা নাই নীতিৰে আগবাঢ়িছে প্ৰশাসনৰ বুলড’জাৰ।
‘এয়া এক আৰম্ভণি মাথোঁ, বহুখিনি এতিয়াও বাকী আছে’ – এইদৰে উচ্ছেদক লৈ সামাজিক মাধ্যমত পোষ্ট কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ২ হাজাৰ আৰক্ষী বাহিনীৰ উপস্থিতিত উৰিয়ামঘাটত ৫ টাকৈ স্থানত চলোৱা হৈছে উচ্ছদ অভিযান। ৩ দিনত বেদখলমুক্ত কৰা হৈছে ২ হাজাৰ একৰ ভূমি।
উচ্চেদৰ চতুৰ্থ দিনটোত ২ আৰু ৩ নং দয়ালপুৰ, ৩ নং দলনী পথ, খেৰবাৰী, ২ নং মধুপুৰ,বিদ্যাপুৰ গাঁৱত চলোৱা হ’ল উচ্ছেদ অভিযান। সম্পূৰ্ণৰূপে উৰিয়ামঘাট খালী নোহোৱা পৰ্যন্ত অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক: ‘মিঞাক সহায় কৰিব ৰাজ্য চৰকাৰে!’ মিঞাই মিঞালেণ্ড বিচাৰিলে নিশ্চয় মিঞালেণ্ড হ’ব!