মৰ্মান্তিক! গাঁতত সোমাল ব’ল ব’ম যাত্ৰীৰ বাহন। ৫ জনে হেৰুৱালে প্ৰাণ, আহত কেইবাজনো………

দেওবাৰে নিশা ব’ল ব’ম যাত্ৰীৰ সৈতে সংঘটিত হয় শোকাৱহ ঘটনা। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বাহিনী।

লগে লগে আৰক্ষীয়ে আটাইতকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও ৫ জনকৈ লোকে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে ৪ জনৰ ভিতৰত সংকটজনক হৈ পৰে ২ জনৰ অৱস্থা।

বিহাৰৰ ভাগলপুৰৰ শ্বাহকুণ্ডত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। ব’ল ব’মলৈ গৈ থকা অৱস্থাতে গাঁতত বাগৰি পৰে ৯ জন যাত্ৰী ভৰ্তি এখন ভান। তথ্য অনুসৰি, বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত গাঁতত বাগৰি পৰে ভানখন।

দুৰ্ঘটনাৰ পিছতে লগে লগে শ্বাহকুণ্ড সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা সকলো যাত্ৰীক। কানৱৰীয়াৰ সৈতে চুলতাংগঞ্জৰ পৰা জ্যেষ্ঠ গৌৰ নাথলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত ভানখন।

চুলতানজত স্নান কৰি জ্যেষ্ঠগৌৰ নাথত পানী আগবঢ়াব গৈ থকা অৱস্থাতে গন্তব্য স্থান গৈ পোৱাৰ আগতেই সংঘটিত হয় দুৰ্ঘটনাটো।

লগতে পঢ়ক: ভাৰতীয় সেনাৰ হাতত পুনৰ নিধন সন্ত্ৰাসবাদী! এক্সন মোডত ভাৰতীয় সেনা

Comments (0)
Add Comment