ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত কিয় ময়ূৰৰ পাখি আছে? ইয়াৰ কাৰণ কি? জানিবলৈ প্ৰতিবেদনটো পঢ়ক..

কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত ময়ূৰ পাখি সজোৱা হোৱা নাই, ইয়াৰ আঁৰত পৌৰাণিক কাহিনী, আধ্যাত্মিক অৰ্থ আৰু বিশ্বাস নিহিত হৈ আছে।

উল্লেখ্য যে, বাঁহী আৰু ময়ূৰৰ পাখি অবিহনে শ্ৰীকৃষ্ণ অসম্পূৰ্ণ বুলি বিশ্বাস কৰা হয়। কিন্তু কেনেকৈ এই পৰম্পৰা আৰম্ভ হ’ল, ইয়াৰ আঁৰত তিনিটা কাহিনী অন্তৰ্নিহিত হৈ আছে। লগতে ইয়াত জড়িত হৈ থকা আধ্যাত্মিক ৰহস্যও শাস্ত্ৰত বৰ্ণনা কৰা হৈছে।

প্ৰথমটো হৈছে, ৰাহু দোষ আৰু মাতৃৰ প্ৰতিকাৰ

জনবিশ্বাস অনুসৰি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কিছুদিন পিছতে মাতৃ যশোদাই জ্যোতিষীক তেওঁৰ ৰাশীফল দেখুৱাইছিল। তেতিয়া জ্যোতিষীয়ে ৰাশীফল চাই কানহাৰ ৰাহু দোষ আছে বুলি প্ৰকাশ কৰিলে।

পুত্ৰৰ মোহত লগে লগে যশোদাই লগে লগে ইয়াৰ সমাধান বিচাৰিলে। তেতিয়া জ্যোতিষীয়ে উত্তৰ দিলে যে, “কানহাৰ সৈতে যদি সদায় ময়ূৰৰ পাখি থাকে, তেন্তে এই দোষ আঁতৰ হ’ব”।

তেতিয়াই মাতৃ যশোদাই কানহাৰ মুকুটতো ময়ূৰৰ পাখিৰে সজাই তুলিছিল। তাৰ পিছৰে পৰাই কৃষ্ণৰ মুকুটত ময়ূৰৰ পাখি থকাৰ সিদ্ধান্ত লোৱা হৈছিল।

দ্বিতীয়তে, শৃংগাৰত ময়ূৰৰ পাখিৰ ছবি

আন এক কাহিনী অনুসৰি, মাতৃ যশোদাই প্ৰতিদিনে কানহাক বিভিন্ন অলংকাৰ পৰিধান কৰাই শোভা বঢ়াইছিল। এদিন যশোদাই ময়ূৰৰ পাখি লগাই দিওঁতে কানহাৰ শোভা অধিক বৃদ্ধি পালে।

কানহাৰ মনোমোহা ৰূপটো দেখি সকলো মন্ত্ৰমুগ্ধ হৈ পৰিছিল। সেইদিনটোৰ পৰাই ময়ূৰৰ পাখি কানহাৰ মুকুটৰ অবিচ্ছেদ্য অংগ হৈ পৰিল।

তৃতীয় কাহিনীটো হৈছে, ময়ূৰৰ উপহাৰ

অন্য এক কাহিনী অনুসৰি, এসময়ত শ্ৰীকৃষ্ণই হাবিৰ মাজত বাঁহীৰ সুৰ তুলি আছিল। তেওঁৰ বাঁহীৰ সুৰ শুনি এজাক ময়ূৰে হালি-জালি নাচিবলৈ আৰম্ভ কৰিলে। নৃত্য শেষ হোৱা পিছত ময়ূৰৰ সেনাপতিয়ে ধুনীয়া পাখিটো শ্ৰীকৃষ্ণলৈ আগবঢ়াই দিলে। তাৰ পিছতে কৃষ্ণই সেই উপহাৰ মৰমেৰে গ্ৰহণ কৰি মূৰত পৰিধান কৰিলে।

আধ্যাত্মিক তাৎপৰ্য অনুসৰি কি বুজায়?

হিন্দু ধৰ্মত ময়ূৰৰ পাখিক সৌভাগ্য, শান্তি, প্ৰেম আৰু ইতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গৰুড় পুৰাণ আৰু বিষ্ণু পুৰাণত উল্লেখ কৰা অনুসৰি, ময়ূৰৰ পাখিৰ ৰঙৰ সৈতে বিশ্বব্ৰহ্মাণ্ডৰ ৰঙৰ মিল আছে, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্যতাক প্ৰতিনিধিত্ব কৰে।

ভাগৱত পুৰাণত কৃষ্ণৰ শৃংগাৰত ময়ূৰৰ পাখিৰ বৰ্ণতাক মধুৰতা আৰু প্ৰকৃতিৰ সৈতে শ্ৰীকৃষ্ণৰ অবিচ্ছেদ্য সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। তাৰোপৰি ময়ূৰৰ পাখিক ঋণাত্মক শক্তিৰ বিনাশকাৰী বুলিও কোৱা হয়। ময়ূৰৰ পাখি ঘৰত ৰাখিলে ৰাহু-কেতুৰ দৰে গ্ৰহণ দোষ শান্ত হৈ মানসিক শান্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়।

লগতে পঢ়ক: ৰাতিপুৱা টোপনি পৰা উঠি ভুলতো নকৰিব এই কাম! নহ’লে ধ্বংস হ’ব পাৰে আপোনাৰ জীৱন!

Comments (0)
Add Comment