দীৰ্ঘসময় ধৰি অন্তৰ্বাস পৰিধান কৰে নেকি? ই আপোনাৰ বাবে হৈ পৰিব পাৰে কাল! মাৰাত্মক ৰোগত হ’ব পাৰে আক্ৰান্ত…

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বছিকৈ দেখা পোৱা যায়। কৰ্কট ৰোগৰ বিভিন্ন কাৰণ থাকিব পাৰে। মহিলাসকলে পৰিধান কৰা অন্তৰ্বাসো কৰ্কট ৰোগৰ অন্যতম কাৰণ হ’ব পাৰে।

উল্লেখ্য যে, পুৰুষ-মহিলা উভয়ে অন্তৰ্বাস পৰিধান কৰিব লগা হয়। বিশেষকৈ মহিলাসকলে টান অন্তৰ্বাস পৰিধান কৰা দেখা যায়। গোটেই দিনটোৰ লগতে কেতিয়াবা কেতিয়াবা নিশাও অন্তৰ্বাস পৰিধান কৰিব লগা হয়।

বিশেষজ্ঞসকলে কয় যে, যদি মহিলাৰ স্তন দীৰ্ঘদিন ধৰি অন্তৰ্বাসৰ তলত উচ্চ চাপত থাকে তেন্তে সেয়া শৰীৰৰ বাবে ক্ষতিকাৰক।

বহুতে ভাবে যে, দীৰ্ঘদিন ধৰি টান অন্তৰ্বাস বা ব্ৰা পৰিধান কৰিলে কেন্সাৰ হ’ব পাৰে। বিশেষকৈ স্তন কেন্সাৰ হ’ব পাৰে। লগতে ইয়াৰ ফলত আন স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। পিছে এইবোৰ কি?

চিকিৎসকে কয় যে, সকলো সময়তে অন্তৰ্বাস পৰিধান কৰি থকা সকলো মহিলাৰ বাবে সহজ নহয়। ইয়াৰ ফলত কান্ধ বা পিঠিত কাটিব পাৰে নতুবা ৰঙা দাগ হ’ব পাৰে। ভুল আকাৰৰ বা ভুল ধৰণৰ ব্ৰা পিন্ধিলে পিঠিৰ বিষ আৰু ৰক্ত সঞ্চালনৰ সমস্যা হ’ব পাৰে।

অন্তৰ্বাস পৰিধান কৰিলে কেন্সাৰ হোৱাৰ উৰাবাতৰি ১৯৯৫ চনৰ পৰাই আৰম্ভ হৈছিল। সেই সময়ত লেখক ছিডনী ৰছ চিংগাৰ ৰেইছমাইজাৰে ড্ৰেছড টু কিল নামৰ এখন কিতাপত লিখিছিল যে, ‘ব্ৰা বিশেষকৈ আণ্ডাৰৱেৰ ব্ৰাবোৰে লিম্ফেটিক প্ৰবাহত বাধা দিয়ে। ফলত স্তনৰ কলাত বিষাক্ত পদাৰ্থ আৱদ্ধ হৈ কেন্সাৰ হ’ব পাৰে’।

লেখকগৰাকীয়ে সেই কথা অনুমানৰ ভিত্তিত লিখিছিল যদিও বহুতে মানি লৈছিল। সেই কথাৰ কোনো বৈজ্ঞানিক ভিত্তিও নাছিল। চিকিৎসা বিজ্ঞানত প্ৰমাণৰ অভাৱৰ বাবে এই কথা জুইৰ দৰে বিয়পি পৰিছিল।

ইয়াৰ বিষয়ে গৱেষণাই কি কয়?

২০১৪ চনত ছিয়াটলৰ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেন্টাৰে এক অধ্যয়ন চলাইছিল। Cancer Epidemiology, Biomarkers and Prevention নামৰ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাত ১৫০০ ৰো অধিক মহিলাক সংযুক্ত কৰা হৈছিল। য’ত কোনো কৰ্কট ৰোগত আক্ৰান্ত হোৱা নাছিল।

চিকিৎসকৰ মতে, টাইট বা বেয়াকৈ ফিট হোৱা ব্ৰা-এ কেন্সাৰ সৃ্ষ্টি নকৰে। কিন্তু ইয়াৰ ফলত আন সমস্যা হ’ব পাৰে। ইয়াৰ ফলত আন সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

লগতে পঢ়ক: জ্বলি ছাৰখাৰ হ’ব সমগ্ৰ বিশ্ব, সৃষ্টি হ’ব আতংক! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

Comments (0)
Add Comment