অহা ১৭ ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে পালন কৰিব ৭৫ সংখ্যক জন্মদিন। প্ৰতিবছৰৰ দৰেই এইবছৰো ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে উদযাপন কৰিব ‘সেৱা পখৱাড়া’।
যাৰ বাবে ইতিমধ্যে বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। তথ্য অনুসৰি, মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি সেৱাৰ পদক্ষেপ গ্ৰহণ কৰিব বিজেপিয়ে।
তাৰোপৰি ৭০ খনতকৈও অধিক চহৰত বিজেপিয়ে আয়োজন কৰিব মোদী বিকাশ মাৰাথন। সমান্তৰালভাৱে সাংসদসকলেও গ্ৰামাঞ্চলত আয়োজন কৰিব ক্ৰীড়া প্ৰতিযোগিতাৰ।
উল্লেখ্য যে, ২ অক্টোবৰ অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনলৈকে অব্যাহত থাকিব বিজেপিৰ ‘সেৱা পখৱাড়া’।
বিগত বৰ্ষতো মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা পখৱাড়া’ উদযাপন কৰিছিল বিজেপি দলে। লগতে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হৈছিল পেৰিছ অলিম্পিকৰ সকলো অংশগ্ৰহণকাৰীক।
সমান্তৰালভাৱে দিব্যাংগ খেলুৱৈসকলৰ সহায়ক হোৱাকৈ যন্ত্ৰ প্ৰদানৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল।
শেহতীয়াকৈ অসমতো প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে গ্ৰহণ কৰা হ’ব বিশেষ পদক্ষেপ। ১৭ ছেপ্টেম্বৰত ৰাজ্যৰ মহিলাসকলক আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
যোৱা ১ আগষ্টত সংবাদমেলযোগে মোদীৰ জন্মদিন উপলক্ষে অৰুণোদয় আঁচনি ৩.০ ৰ শুভাৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক: নিঃশেষ হ’ব শত্ৰুৰাষ্ট্ৰ! শক্তিশালী ৰূপত ‘অগ্নি-৫’ বেলিষ্টিক মিছাইল!