আপোনাৰ প্ৰস্ৰাৱৰ ৰং সলনি হৈছে নেকি? এয়া কি ৰোগৰ লক্ষণ আপুনি জানেনে ? ইয়াৰ বিষয়ে কি কয় চিকিৎসকে?

প্ৰস্ৰাৱৰ ৰঙে স্বাস্থ্যৰ লগত জড়িত বহু গোপন কথা পোহৰলৈ আনে। প্ৰস্ৰাৱৰ ৰং সলনি হোৱাটো ৰোগৰ লক্ষণ হ’ব পাৰে আৰু ইয়াৰ প্ৰতি মানুহ সচেতন থকাটো উচিত।

উল্লেখ্য যে, গ্ৰীষ্মকালত মানুহে প্ৰায়ে হালধীয়া প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰে। কিন্তু আপুনি যদি প্ৰতিটো ঋতুতে এই সমস্যাৰে আক্ৰান্ত হৈ আহিছে তেন্তে আপুনি সাৱধানতা অৱলম্বন হোৱাটো নিতান্তই প্ৰয়োজনীয়।

বহুকেইটা কাৰণ যেনে- ডি’হাইড্ৰেচন, জণ্ডিচকে ধৰি আৰু বহু কাৰণৰ বাবে প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে। কিছুমান ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পিছতো প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈয়ে থাকে।

ইউৰ’লজিষ্টৰ মতে, হালধীয়া প্ৰস্ৰাৱ অতি সাধাৰণ সমস্যা আৰু বেছিভাগ লোকেই এই সমস্যাৰে জৰ্জৰিত হৈ থকা পৰিলক্ষিত হয়। ইয়াৰ ভিতৰত বহুতেই সুস্থ হৈ উঠে যদিও কিছুমান লোকৰ ক্ষেত্ৰত ই ৰোগৰ লক্ষণ হ’ব পাৰে।

শেহতীয়াকৈ নতুন দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ জ্যেষ্ঠ ইউৰ’লজিষ্ট ডাঃ অমৰেন্দ্ৰ পাঠকৰ তথ্য অনুসৰি, সাধাৰণতে পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাৰ বাবে মানুহৰ প্ৰস্ৰাৱৰ ৰং হালধীয়ৈ হৈ পৰে।

কিন্তু মানুহে প্ৰচুৰ পৰিমাণৰ পানী খালে প্ৰস্ৰাৱৰ ৰং স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে। কেতিয়াবা ঔষধ সেৱনৰ ফলতো প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে যদিও কিছু সময়ৰ পিছত ই স্বাভাৱিক হৈ পৰে।

তাৰোপৰি বিশেষজ্ঞসকলৰ মতে, যদি প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পিছতো প্ৰস্ৰাৱৰ ৰং দীৰ্ঘদিন ধৰি গাঢ় হালধীয়া হৈ থাকে তেন্তে সেয়া জণ্ডিচৰ লক্ষণ হ’ব পাৰে। আনহাতে বৃক্ক বা যকৃতৰ সমস্যাৰ বাবেও প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে।

এনে হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰা উচিত। ইয়াৰোপৰি আন বহুতো সমস্যাৰ বাবে প্ৰস্ৰাৱৰ ৰং সলনি হ’ব পাৰে। ইয়াৰ সঠিক কাৰণসমূহ পৰীক্ষাৰ অন্ততহে গম পোৱা যায়।

লগতে পঢ়ক: পকেটত ৰাখিছিল কণ্ডম, ১২ বছৰ বয়সতে যৌন সম্পৰ্ক! তাৰ পিছত…

Comments (0)
Add Comment