নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা শ্যামকানুৰ! জুবিন গাৰ্গক ছিংগাপুৰলৈ মতাটো পাপ নেকি?

অৱশেষত ওলাই পৰিল জোলোঙাৰ মেকুৰী। পলাই থকা বুলি বিতৰ্কিত শ্যামকানু মহন্তই অৱশেষত সামাজিক মাধ্যমত দিলে স্বীকাৰোক্তি। সামাজিক মাধ্যমত শ্যামকানুৱে উল্লেখ কৰিছে যে- “মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল। মোক গুৱাহাটীলৈ আহিলে কাটিম মাৰিম বুলি মেচেজ আহি বাবে মই যাব পৰা নাই।”

“গৰিমা মোৰ ভগ্নীৰ নিচিনা। মই তেওঁৰ কাষত থিয় দিব পৰা নাই! জুবিন গাৰ্গক আমি কিয় মাতি আনিছিলো। প্ৰথমে আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলো। তেতিয়াৰে পৰাই জুবিন আমাৰ সৈতে জড়িত হৈ আছে।”

“আমি য’তেই অনুষ্ঠান কৰোঁ তেওঁৰ লগত আলোচনা কৰিহে কৰে। কাৰণ তেওঁ আমাৰ বেণ্ড এম্বেছাডৰ। পূৰ্বেও দুবাৰকৈ তেওঁ বেংককলৈ গৈছে।”

“এইবাৰো আমি ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁক সুধিছো। তেওঁ যাম বুলি কৈছিল। লগতে সন্দীপনক লৈ যোৱাৰ কথা তেওঁ কয়। ছিংগাপুৰলৈ আমি জুবিনক মতাটো পাপ নহয়।”

“তেওঁ অসমৰ এজন ডাঙৰ কণ্ঠশিল্পী, গতিকে আমি তেওঁক ছিংগাপুৰলৈ মতাটো পাপ কেনেকৈ হ’ব পাৰে? জুবিন ১৭ ছেপ্টেম্বৰত ছিংগাপুৰলৈ আহিছিল। তেওঁৰ দলটোক আমি পেন পেছিফিক হোটেলত ভালকৈ ৰাখিছিলোঁ। তেওঁ ভূপেন হাজৰিকাক তাৰ পৰা ট্ৰিবিউট দিয়াৰ কথা আছিল।”

“১৯ ছেপ্টেম্বৰত আমাৰ মিটিং চলি থকাৰ সময়ত ঘটিছে। দিনৰ ১২ মান বজাৰ পৰা আমাৰ মিটিং আৰম্ভ হৈছিল আৰু ঘটনাৰ খবৰ পাইছিলো ৩.৩০ বজাত। খবৰটো আমাৰ সিদ্ধাৰ্থই দিছিল।”

“খবৰটো পোৱাৰ লগে লগে আমি কি কৰিম কি নকৰিম ভাবিছিলো। এই ঘটনাৰ পাছতে আমি অনুষ্ঠান বাতিল কৰিছিলো। ভাৰতীয় ৰাষ্ট্ৰদূতে অনুষ্ঠানটো সম্পূৰ্ণৰূপে বাতিল কৰিছিল।”

“আমি মৰ্গত থাকি জুবিনৰ শৰীৰটো পঠিওৱাৰ ব্যৱস্থা কৰাত লাগিলো। মই এইটোৱে কব বিচাৰিছো যে, আমি এই ঘটনাৰ সৈতে কোনো পধ্যেই জড়িত নহয়। কেইজনমান ব্যক্তিয়ে মিলি আমাক হত্যা কৰাৰ পৰিকল্পনা কৰিছে। SITৰ তদন্তক আমি সহযোগ কৰিম। আমি এই কাৰ্যক শ্ৰদ্ধা জনাইছো।”

“এই ঘটনাই আমাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে। জুবিন আমাৰ হৃদপিণ্ড আছিল। আমাৰ ফেক ভিডিঅ’, ফেক ফোনকল ভাইৰেল হৈছে। জুবিনে আমাৰ অনুষ্ঠানটোৰ গুৰুত্ব বুজিছিল।”

“জুবিনৰ স্মৃতিত আমাৰ কৰিব লগা বহুত আছে। আমি ন্যায় হোৱাটো বিচাৰিছো। দেশত আইন আছে, গতিকে আমি ন্যায়ালয়ৰ পৰা সুৰক্ষা বিচাৰিছো, চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছো, ৰাইজৰ পৰা ন্যায় বিচাৰিছো।”

লগতে পঢ়ক: অসমত ব্লেকলিষ্টেড কৰা হ’ল শ্যামকানু মহন্তক। অসমত শ্যামকানুৱে কৰিব নোৱাৰিব কোনো অনুষ্ঠান!

#ENEWSNE #SHYAMKANUMAHANTA #ZUBEENGARG #ASSAM
Comments (0)
Add Comment