কিয় কালৰাত্ৰি ৰূপ ধাৰণ কৰিছিল দেৱী দুগাই? কালৰাত্ৰি কোন?

আজি ২৯ ছেপ্টেম্বৰ। নৱৰাত্ৰিৰ সপ্তমটো দিন। দেৱী দুৰ্গাৰ সপ্তম ৰূপ বা কালৰাত্ৰীৰ নামত উৎসৰ্গিত এই দিনটো। হিন্দু শাস্ত্ৰত এই নৱৰাত্ৰি উৎসৱৰ অতি মহত্ত্ব আছে।

এই সময়ছোৱাত ভক্তসকলে দেৱীৰ ৯টা ৰূপক পূজা কৰি মা ৰ আশীৰ্বাদ লাভ কৰে। উল্লেখ্য যে, ‘দ’ আখৰে দৈত্যনাশক, ‘ঊ’ আখৰে বিঘ্ননাশক, ‘ৰেফ’ কাৰে ৰোগনাশক, ‘গ’ আখৰে পাপনাশক আৰু ‘অ’ আখৰে ভয় তথা শত্ৰুনাশক বুজায়।

অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা ৰক্ষা কৰে, সেয়ে হ’ল দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ অনাদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেওঁৰ সৃষ্টিৰে সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে বুলি জনা যায়। আজি সপ্তমীৰ দিনটোত দুৰ্গাৰ সপ্তমটো অৰ্থাৎ কালৰাত্ৰিৰ ৰূপৰ পূজা কৰা হয়।

দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কেণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।

খ্ৰীষ্টপূৰ্ব ৩১৩৭-৩০৬৭ ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। এই আখ্যান অনুসৰি, পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰোণাচাৰ্যক চল কৰি বধ কৰা হয়।

তেওঁৰ পুত্ৰ অশ্বত্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি ভংগ কৰি কুৰু শিবিৰত নিদ্ৰিত হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভুল কৰি তেওঁলোকৰ পাঁচোজনৰ শিৰচ্ছেদ কৰে। এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণৰ বস্ত্ৰ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৱিৰ্ভাৱ হয়।

সপ্তমীৰ দিনা মা কালিৰাত্ৰিক কি প্ৰসাদ আগবঢ়াব লাগে?

ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী কালৰাত্ৰিয়ে গুড় আৰু গুড়ৰ সামগ্ৰীৰ প্ৰতি অতিকৈ আকৰ্ষিত। সপ্তমী তিথিত এই সামগ্ৰীসমূহ আগবঢ়োৱাটো অতি শুভ বুলি গণ্য কৰা হয়।

গুড়ঃ কালৰাত্ৰি দেৱীক বিশুদ্ধ গুড় আগবঢ়ালে শীঘ্ৰে সন্তুষ্ট হয় বুলি ধৰ্মীয় বিশ্বাস অনুসৰি জনা যায়। উল্লেখ্য যে, এই প্ৰসাদে ভক্তৰ জীৱনৰ পৰা দুখ, শোক, কষ্ট দূৰ কৰে।

গুড়ৰ পৰা প্ৰস্তুত কৰা মালপুৱা বা খীৰও আগবঢ়াব পাৰে। এনে কৰিলে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

মৌঃ বহু ঠাইত কালৰাত্ৰি দেৱীক মৌ আগবঢ়োৱাৰ পৰম্পৰা আছে। মৌ আগবঢ়ালে জীৱনলৈ মধুৰতা, সমৃদ্ধি আৰু শান্তি আহে বুলি বিশ্বাস কৰা হয়।

লগতে পঢ়ক: নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা শ্যামকানুৰ! জুবিন গাৰ্গক ছিংগাপুৰলৈ মতাটো পাপ নেকি?

#ENEWSNE #DURGAPUJA #ASSA
Comments (0)
Add Comment