ধনতেৰাছৰ দিনটোতে মহানগৰীত হ্ৰাস পালে সোণৰ মূল্য! আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য কিমান?

আজি ধনতেৰাছ। ধনতেৰাছৰ দিনটোক অত্যন্ত শুভ দিন হিচাপে গণ্য কৰা হয়। এই দিনটোত নিজৰ সামৰ্থ অনুযায়ী মানুহে সোণ, ৰূপ, হীৰা,মুক্তা, বাচন-বৰ্তন আদি অন্যান্য সামগ্ৰী ক্ৰয় কৰে।

ধনতেৰাচৰ দিনটোত সামগ্ৰী কিনাৰ বাবে শুভ সময় আৰম্ভ হৈছে বিয়লি ৪ বজাৰ পৰা আৰু নিশা ১ বজালৈকে সামগ্ৰী কিনাৰ শুভ সময় বুলি তথ্য অনুসৰি জানিব পৰা গৈছে। তাৰোপৰি ১৯ অক্টোবৰত শুভ সময় দুপৰীয়া ২ বজাত।

উল্লেখ্য যে, ধনতেৰাছৰ দিনটোতে গুৱাহাটীত কমিল সোণৰ মূল্য। Good Returns ৰ মতে গুৱাহাটীত ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেটৰ মূল্য হ্ৰাস পাইছে।

শনিবাৰৰ দিনটোত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হ্ৰাস পালে ১,৯১০ টকালৈ। আজি গুৱাহাটীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,৩০, ৮৬০ টকা।

সমান্তৰালভাৱে গুৱাহাটীত ২২ কেৰেট সোণত কমিল ১,৭৫০ টকা। আজি গুৱাহাটীত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,২১,৭০০ টকা।

১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হ্ৰাস পালে ১,৪৪০ টকা। গুৱাহাটীত শনিবাৰে ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৫৮০ টকা।

লগতে পঢ়ক: জে’লৰ ভাত খাব শেখৰজ্যোতি-অমৃতপ্ৰভাই। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দুই অভিযুক্তক

#GOLDPRICE #GUWAHATI #ENEWSNE #ASSAM
Comments (0)
Add Comment