অৱশেষত গ্ৰেপ্তাৰ হ’ল SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জিত কৃষ্ণ।
বৃহস্পতিবাৰে দিনৰ ১১ বজাত ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছিল সঞ্জিত কৃ্ষ্ণই।
দীৰ্ঘসময় ধৰি চলিছিল মাৰাথন জেৰা ।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে জেৰা কৰিছিল অভিযুক্ত সঞ্জিত কৃষ্ণক।
চিআইডিৰ এটা বৃহৎ দল ডিজিপি কাৰ্যালয়ত উপস্থিত হৈ জিম্মাত লয় সঞ্জিত কৃষ্ণক ।
বহু সময় জেৰাৰ অন্তত চিআইডিৰ মুখ্য কাৰ্যালয়লৈ লৈ যায় অভিযুক্ত সঞ্জিত কৃষ্ণক ।