সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ হৈছে আমেৰিকা ৷
গোলকীয় সন্ত্রাসবাদী গোট হিচাপে চিহ্ণিত হোৱা কেইবাটাও গোটৰ ৬৩ নিযুত ডলাৰ পুঁজিত ২০১৯ত প্রতিৰোধ লগাইছে আমেৰিকাৰ কোষাগাৰ বিভাগে ৷
এই প্রতিৰোধৰ সন্মুখীন হোৱা গোটসমূহৰ ভিতৰত আছে পাকিস্তানী সন্ত্রাসবাদী গোট লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদ আৰু হৰকট–উল–মুজাহিদ্ ৷
কোষাগাৰ বিভাগৰ প্রতিবেদন অনুসৰি লস্কৰ–ই–তৈবাৰ ৩ লাখ ৪২ হাজাৰ ডলাৰ, জইচ–ই–মহম্মদৰ ১,৭২৫ ডলাৰ আৰু হৰকট উল–মুজাহিদীনৰ ৪৫,৭৯৮ ডলাৰ পুঁজিত প্রতিৰোধ লগোৱা হৈছে৷
তিনিওটা পাক সন্ত্রাসবাদী সংগঠনক ২০১৯ চনতে গোলকীয় সন্ত্রাসবাদী গোট হিচাপে তালিকাভুক্ত কৰিছে আমেৰিকাই ৷
আমেৰিকাৰ কোষাগাৰ বিভাগৰ অ’ফিচ অফ ফৰেইন এছেটছ কণ্ড্র’ল (অ’এফএচি)–এ এই সন্ত্রাসবাদী গোটসমূহৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰি আহিছে ৷