বিদেশী জেহাদী সংগঠনৰ বিৰুদ্ধে আমেৰিকাৰ কঠোৰ স্থিতি,সন্ত্ৰাসবাদীৰ ৪৬১কোটি জব্দ

0 245

সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ হৈছে আমেৰিকা ৷

গোলকীয় সন্ত্রাসবাদী গোট হিচাপে চিহ্ণিত হোৱা কেইবাটাও গোটৰ ৬৩ নিযুত ডলাৰ পুঁজিত ২০১৯ত প্রতিৰোধ লগাইছে আমেৰিকাৰ কোষাগাৰ বিভাগে


এই প্রতিৰোধৰ সন্মুখীন হোৱা গোটসমূহৰ ভিতৰত আছে পাকিস্তানী সন্ত্রাসবাদী গোট লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদ আৰু হৰকট–উল–মুজাহিদ্ ৷


কোষাগাৰ বিভাগৰ প্রতিবেদন অনুসৰি লস্কৰ–ই–তৈবাৰ ৩ লাখ ৪২ হাজাৰ ডলাৰ, জইচ–ই–মহম্মদৰ ১,৭২৫ ডলাৰ আৰু হৰকট উল–মুজাহিদীনৰ ৪৫,৭৯৮ ডলাৰ পুঁজিত প্রতিৰোধ লগোৱা হৈছে

তিনিওটা পাক সন্ত্রাসবাদী সংগঠনক ২০১৯ চনতে গোলকীয় সন্ত্রাসবাদী গোট হিচাপে তালিকাভুক্ত কৰিছে আমেৰিকাই ৷


আমেৰিকাৰ কোষাগাৰ বিভাগৰ অ’ফিচ অফ ফৰেইন এছেটছ কণ্ড্র’ল (অ’এফএচি)–এ এই সন্ত্রাসবাদী গোটসমূহৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰি আহিছে ৷

media school
Leave A Reply

Your email address will not be published.