তিনি দশকজোৰা তিক্ততা পাহৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়াইছে অযোধ্যাৰ বহুসংখ্যক মুছলিম নাগৰিকে ।
১৯৯২ চনৰ ৬ডিচেম্বৰত কৰ সেৱকৰ বিশাল বাহিনীয়ে বাবৰি মছজিদ ধংশ কৰাৰ পাছৰে পৰা বহুকেইটা সংঘৰ্ষ হৈছে ।
২০০২চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু শতাধিক লোক আজি পৰ্যন্ত নিখোজ হৈ আছে ।
অতীতৰ তিক্ততা পাহৰি ন উদ্যমৰে বিশ্ব হিন্দু পৰিষদৰ পুঁজি সংগ্ৰহ অভিযানত সঁহাৰি জনাইছে একাংশ ভাৰতীয় মুছলমান লোকে ।
উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতে পুৰণি স্মৃতি পাহৰি এক হৈ আগুৱাই গৈছে একাংশ লোকে ।
ৰাম মন্দিৰলৈ দুজন আগশাৰীৰ মুছলমান – ফৈজাবাদৰ ৱাছি হাইদৰে ১২ হাজাৰ টকা আৰু শ্বাহ বানুয়ে ১১হাজাৰ টকাকৈ বৰঙণি আগবঢ়াই।