পুনৰ ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। হাজাৰ হাজাৰ অবৈধ স্বামীক হাতত হেণ্ডকাফ লগাবলৈ সাজু হৈছে অসম আৰক্ষী।
১০ দিনত প্ৰায় ৩ হাজাৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। ২-৩ হাজাৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ আৰক্ষী চকীসমূহ ভৰি পৰিব অবৈধ স্বামীৰে। চলিত মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ কৰিব বাল্যবিবাহ বিৰোধী অভিযান। প্ৰথমু অভিযানকৈ কঠোৰ হ’ব দ্বিতীয় অভিযান।
উল্লেখ্য যে, ৰাজ্যজুৰি বাল্যবিবাহ কৰা লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত অসম আৰক্ষীয়ে চলোৱা অভিযানক বিৰোধী পক্ষই সমালোচনা কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে।
প্ৰথম অভিযানত আৰক্ষীয়ে উজনিৰ পৰা নামনিলৈ গাঁৱে- ভূৱে চলাইছিল অবৈধ স্বামীৰ বিৰুদ্ধে বৃহত অভিযান। ৪ হাজাৰতকৈ অধিক গোচৰ ৰুজু কৰা হৈছিল প্ৰথমটো অভিযানত।অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত সৰ্বাধিক গোচৰ ৰুজু কৰা হৈছিল ধুবুৰী জিলাৰ। দ্বিতীয় আৰু তৃতীয় স্থানত আছিল হোজাই আৰু ওদালগুৰি জিলা।
২০২৬ চনৰ ভিতৰত বাল্যবিবাহৰ ঘটনা নাইকীয়া কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।কিয়নো বাল্যবিবাহৰ পৰিণতি ভয়াৱহ আৰু সুদূৰপ্ৰসাৰী। অসমত বাল্যবিবাহৰ মূল কাৰণ হৈছে দৰিদ্ৰতা, সামাজিক আৰু সাংস্কৃতিক নীতি- নিয়ম শিক্ষাৰ অভাৱ। সেয়েহে অসম চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।