মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনতঃ ৰাজ্যৰ এক লাখ যুৱক- যুৱতীয়ে লাভ কৰিব দুই তিনি লাখ টকা

মঙলবাৰে ৰাজ্যৰ জনতা ভৱন অনুষ্ঠিত হোৱা সপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি অসম আৰক্ষীৰ কনিষ্টবলসকলৰ চাকৰি জীৱনত আঠ বছৰৰ মূৰে মূৰে তিনিবাৰকৈ পদোন্নতি কৰাৰ হ’ব। ইয়াৰ লগতে অসম আৰক্ষীৰ লোকৰ ৰেচনৰ টকা পূৰ্বৰ ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

আনহাতে সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে এক নতুন আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ যোগেদি এক লাখ যুৱক- যুৱতীয়ক ক্ৰমে ২ লাখ, তিনি লাখ আৰু পাঁচ লাখ টকা প্ৰদান কৰা হ’ব। ইয়াৰ ৫০ শতাংশ গ্ৰান্ট আৰু ৫০ শতাংশ সুদ বিহীন ঋণ হ’ব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰ কাষত এটা ইউনিট ম’ল নিৰ্মাণ কৰা হ’ব। যাৰ বাবে ব্যয় হ’ব ২২৬ কোটি টকা। এই ইউনিট ম’লত থাকিব প্ৰতিখন জিলাৰ কাউণ্টাৰ। কেবিনেট বৈঠকৰ অন্ত সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত বৰুৱাই।

Comments (0)
Add Comment