বায়ু প্ৰদূষণে অশনি সংকেত কঢ়িয়াই আনিছে দিল্লীবাসীলৈ। বায়ু প্ৰদূষণৰ ভয়াবহ ৰূপে জটিল কৰি তুলিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা।দেশৰ ভিতৰতে দিল্লী আটাইতকৈ প্ৰদূষিত চহৰ বুলি বিবেচিত হৈছে।
ৰাজধানীখনৰ বিভিন্ন অংশত AQI ৫০০ৰ ঘৰ অতিক্রম কৰিছে৷ দুপৰীয়াৰ ভাগত দিল্লীৰ ৱাজিৰপুৰ নিৰীক্ষণ কেন্দ্রত সর্বোচ্চ AQIৰ পৰিমাণ ৮৫৯ নির্ধাৰণ কৰা হৈছে৷
দিল্লীৰ এই প্রদূষণৰ মাত্রা বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া বায়ুমান নিয়মাৱলীৰ পৰিমাণতকৈ প্রায় ১০০ গুণ অধিক৷ শেহতীয়া তথ্য অনুসৰি, দিল্লীত একিউআই মাত্র দুদিনতে দুগুণলৈ বৃদ্ধি পাইছে৷ যোৱা ২ নৱেম্বৰত একিউআইৰ পৰিমাণ ২৫৬ আছিল যদিও দেওবাৰৰ দিনটোত গড় হিচাপত একিউআইৰ পৰিমাণ ৪৮৩লৈ বৃদ্ধি পায়৷
যোৱা অক্টোবৰ মাহত দিল্লীৰ একিউআইৰ পৰিমাণ ১৫০ৰ পৰা ২০০ৰ ভিতৰত আছিল৷ কিন্তু ২৮ অক্টোবৰৰ পৰা একিউআইৰ মাত্রা বাঢ়িবলৈ আৰম্ভ কৰে আৰু ২০০ৰ ঘৰ অতিক্রম কৰে৷ তেতিয়াৰ পৰা দিল্লীত একিউআইৰ পৰিমাণ বৃদ্ধি হৈ আছে৷বায়ু প্ৰদূষণৰ শেহতীয়াকৈ পৰিস্হিতিক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে।
দিল্লী আৰু এনচিআৰ অঞ্চলত চলাচল কৰা যান–বাহন তথা উদ্যোগৰ পৰা হোৱা প্রদূষণৰ লগতে পঞ্জাব আৰু হাৰিয়ানাত কৃষকসকলে খেতিৰ অৱশিষ্ট জ্বলোৱা কার্য প্রদূষণৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে৷
যাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে বায়ু প্রদূষণ নিয়ন্ত্রণৰ বাবে তৃতীয় পর্যায়ৰ পদক্ষেপ গ্রহণ কৰিছে। প্ৰদূষণৰ বাবে ১০ নৱেম্বৰলৈ বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে।