দীপৰ বিলক লৈ জৰুৰী বৈঠক মন্ত্ৰী Pijush Hazarikaৰ

গুৱাহাটীখনৰ পাৰিপাৰ্শ্বিক পৰিবেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিলক সুৰক্ষিত কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বদ্ধপৰিকৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আজি জনতা ভৱনস্থিত কাৰ্য্যালয়ত এক বৈঠক সম্বোধন কৰে মন্ত্ৰী Pijush Hazarikaই আৰু বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰি দীপৰ বিলক কেন্দ্ৰ কৰি এক পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে চাৰিওকাষে মথাউৰি নিৰ্মাণ কৰা সন্দৰ্ভত আলোচনা কৰে।

বিলখনৰ চাৰিও ফালে পদ পথ , চাইকেল ট্ৰেক আদিৰ লগতে বিল খনক সুন্দৰকৈ সজাই তাত নৌকা বিহাৰ আদি সুবিধা নিৰ্মাণ কৰা সন্দৰ্ভত আলোচনা কৰে আৰু এই সন্দৰ্ভত এক যুটীয়া চাৰ্ভে কৰিবলৈ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। অতি সোনকালে ইয়াত ভূমি সংক্ৰান্তীয় কাম সমূহ আৰম্ভ কৰা হব। এই বৈঠকতে জলসম্পদ বিভাগৰ চলি থকা কাম সমূহৰো অগ্ৰগতিৰ বুজ লয়।

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বছি ডাঙৰীয়া, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ডাঙৰীয়া, জলসম্পদ বিভাগ আৰু কামৰূপ(মেট্ৰো) জিলা প্ৰশাসনৰ বিষয়া সকল আৰু আন আন বিষয়া সকল এই বৈঠকত উপস্থিত থাকে।

Comments (0)
Add Comment