মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব ডাঙৰীয়াৰ বলিষ্ঠ,সু-নেতৃত্বই আমাৰ ৰাজ্যখনক উন্নয়নৰ অনন্য গতি আৰু প্ৰগতিৰ পোহৰেৰে উদ্ভাসিত কৰিছে। দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে তেখেতৰ স্বপ্নৰ যাত্ৰা সম্প্ৰতি অতুল্য মাত্ৰাৰে আগবাঢ়িছে।
আনহাতে আমাৰ ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন-প্ৰগতিৰ যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশিস-মাৰ্গদৰ্শনে প্ৰতিপল সমৃদ্ধ কৰি আহিছে। উল্লেখ্য যে, এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে মা ভাৰতীক প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক পুনৰ তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাটো সমগ্ৰ দেশবাসীৰ হৃদয়ৰ আহ্বান ৰূপে পৰিগণিত হৈছে।
এই লক্ষ্যক সাৰোগত কৰি তথা সমাগত লোক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি তামুলপুৰ সমষ্টিৰ কুমাৰীকটা বজাৰ খেলপথাৰ এখনি কাৰ্যকৰ্তা সন্মিলন সম্বোধন কৰে। দলৰ সাংগঠনিক বিষয়ে আলোচনাৰ লগতে সামগ্ৰীক ভাৱে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ উন্নয়নমুখী পদক্ষেপ সমূহক ৰাইজৰ মাজলৈ সক্ষমতাৰে লৈ যাবৰ বাবে কাৰ্যকৰ্তা সকলক আহ্বান জনায়।
এই সন্মিলনত সতীৰ্থ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া, বিটিঅৰৰ ই এম বিজিৎ গৌৰা নাৰ্জাৰি ডাঙৰীয়া, জিলা সভাপতি ভিক্টৰ দাস ডাঙৰীয়া, সহিতে ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথৰ বিষয়ববীয়া- কাৰ্যকৰ্তা সকল উপস্থিত থাকে।