‘২১১৮ পয় পি মাউ টাই’ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

‘২১১৮ পয় পি মাউ টাই’– টাই জনগোষ্ঠীয় লোকসকলৰ নতুন বছৰৰ শুভাৰম্ভণিৰ উপলক্ষত আয়োজিত জনগোষ্ঠীটোৰ নৱবৰ্ষ উদযাপন উৎসৱটিত অংশগ্ৰহণ কৃষিমন্ত্ৰী অতুল বৰাৰ

জনগোষ্ঠীটোৰ অন্তৰ্গত– টাই তুৰুং, টাই খাময়াং, টাই ফাকে, টাই আইতন, টাই খামতি লোকসকলৰ বৰ্ণাঢ্য ভাষা-কৃষ্টি-সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জনজীৱনক মহীয়ান কৰি তুলিছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনেও ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-বিকাশ আৰু প্ৰগতি সুনিশ্চিত কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।

অসমৰ মাটি, পানী, জলবায়ু, সংস্কৃতিৰ সৈতে জীণ যোৱা বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটোৰ লোকসকলে অসমীয়া সমাজ জীৱনত গঢ়ি তোলা সাংস্কৃতিক-নৃতাত্বিক সমন্বয় তথা একতাৰ এনাজৰীডাল সদায়ে সুদৃঢ় হৈ থাকক, তাৰেই কামনাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ ১ নং ৰাজাপুখুৰী তুৰুং গাঁৱত আয়োজিত আজিৰ এই উৎসৱটিত উপস্থিত জনগোষ্ঠীটোৰ লোকসকলক টাই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।

জনগোষ্ঠীটোৰ অধীনস্থ লোকসকলৰ সৰ্বাংগীণ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তথা আজিৰ এই অনুষ্ঠানটিৰ উদ্যোক্তা সদৌ অসম মান (টাইভাষী) সমন্বয়ৰক্ষী সমিতিৰ সভাপতি শ্ৰী চানু শ্যাম, কাৰ্যকৰী সভাপতি শ্ৰী ধ্ৰুৱজ্যোতি শ্যাম, উদযাপন সমিতিৰ সভাপতি য়ত্ৰা শ্যাম তুৰুং, সম্পাদক শ্ৰী কনচেং তুৰুং প্ৰমুখ্যে সংশ্লিষ্ট সকলোকে এইছেগতে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

স্থানীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া, বড়ো-কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰী প্ৰদীপ স্বৰ্গীয়াৰী, বিশিষ্ট ব্যক্তিসকল- শ্ৰী সঞ্জীৱ বৰুৱা, শ্ৰী ৰেৱতী শইকীয়া, শ্ৰী লাচিত বৰুৱা, শ্ৰী অৱণী শৰ্মা, শ্ৰী দীনেশ ৱিলোৱাৰিয়া, শ্ৰী অনিল ৰাভা, টাই খাময়াং পৰিষদৰ সভাপতি ড° নৰেন্দ্ৰনাথ শ্যাম, টাই ফাকে পৰিষদৰ সভাপতি শ্ৰী চাইকেন মাহাও, টাই আইতন পৰিষদৰ সভাপতি শ্ৰী ঙিমন থাওমুং প্ৰমুখ্যে বিভিন্ন প্ৰান্তৰপৰা অহা জনগোষ্ঠীটোৰ লোকসকল আৰু স্থানীয় ৰাইজ অনুষ্ঠানটিত উপস্থিত থাকে।

Comments (0)
Add Comment