অগপত যোগদান কৰিলে বিশিষ্ট শিক্ষাবিদ ড° ৰঞ্জিত ডেকাই

0 404

অগপয়ে বিচাৰি পালে বিধায়ক পবিন্দ্ৰ ডেকাৰ বিকল্প। আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বিশিষ্ট শিক্ষাবিদ তথা ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ড° ৰঞ্জিত ডেকাই অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অগপৰ জেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষন চৌধুৰী, বিধায়ক কমলা কলিতা, সত্যব্ৰত কলিতাৰ লগতে কেইবাগৰাকীও অগপৰ বিষয়ববীয়া উপস্থিতিত প্ৰায় ২০০০ সমৰ্থক সহ অগপত যোগদান কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে।

বৰ্তমানৰ পাটাছাৰকুছি অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাই অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদ দলত যোগদানৰ আখৰা চলাই থকাৰ সময়তে আজি ড° ৰঞ্জিত ডেকাৰ যোগদানে পাটাছাৰকুছি সমষ্টিত পবিন্দ্ৰ ডেকাৰ বিকল্প হিচাপে অগপই নতুন নেতাৰ সন্ধান কৰিছে তাৰেই প্ৰমাণ দাঙি ধৰিছে। ড° ৰঞ্জিত ডেকাৰ যোগদানে অনাগত দিনত অসম গণ পৰিষদক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে সভাপতি অতুল বৰাই ।

media school
Leave A Reply

Your email address will not be published.