ইউৰোপীয় দেশ আৰু আমেৰিকাই নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে তেল

0 8,536

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাৰতে ক্ৰয় কৰিছে ৰাছিয়াৰ তেল ৷ ইউৰোপীয় দেশ আৰু আমেৰিকাই নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে তেল৷ চলিত সপ্তাহতে ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰে ৩ নিযুত বেৰেল খাৰুৱা তেল৷ ভাৰতীয় তেল নিগমে ক্ৰয় কৰা খাৰুৱা তেলৰ মূল্য ২০% ৰেহাই দিছে ৰাছিয়াই ৷ হোৱাইট হাউছৰ প্ৰেছ সচিব জেনিফাৰ ছাকীয়ে কয় যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰা কাৰ্যই আমেৰিকাৰ নিষেধাজ্ঞা ভঙ্গ কৰা নাই ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে কয় যে ইউৰোপীয় দেশেও ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰি আছে ৷ উল্লেখ যোগ্য যে ইৰাক, ইৰান আৰু ছৌদি আৰৱৰ পৰাও ভাৰতে তেল আমদানি কৰে ৷

Leave A Reply

Your email address will not be published.