গ্ৰেপ্তাৰ কৰি অসমলৈ অনা হ’ল উপ পৰিদৰ্শক নিযুক্তিৰ মাষ্টাৰমাইণ্ড প্ৰশান্ত কুমাৰ দত্ত
নিশাৰ ভাগত অসমলৈ অনা হ’ল ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তক ।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নেতৃত্বত যোৱা দলটোৱে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন ডিআইজি পি কে দত্তক ।
নেপাল সীমান্তৰ পানীৰটেংকী ইমিগ্ৰেচন চেক পোষ্টত পিকে দত্তক আটক কৰাৰ পিছত অসম লৈ অনাৰ ব্যৱস্থা কৰা হয়৷
কোকৰাঝাৰৰ আৰক্ষীৰ দলে চিৰাঙৰ ADGP জি পি সিঙৰ হাতত গতাই দিয়ে পি কে দত্তক ।পলাতক পি কে দত্ত আটক হোৱাৰ পিছতে মঙলবাৰে বিয়লি জি পি সিঙে চিৰাঙৰ কাজলগাঁৱত থকা আৰক্ষী অতিথিশালাত বাহৰ পাতে৷
অতিথিশালাত দত্তক প্ৰাথমিক জেৰা চলোৱাৰ পিছত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰে দত্তক লৈ আৰক্ষীৰ দলটোৱে গুৱাহাটী অভিমুখে ৰাওনা হয়৷
গুৱাহাটীত চিআইডি কাৰ্যালয়ত উপস্থিত কৰোৱা হয় পি কে দত্তক।
পি কে দত্তক জেৰা কৰাৰ পিছত পুৱতিনিশা চি আই ডিৰ দলটোৱে জাপৰিগোগৰ পৰা TR 19Q-6464 নম্বৰৰ
এখন বিলাসী গাড়ী জব্দ কৰে ৷