জামিন পালে ৰিয়া চক্ৰৱৰ্তীয়ে

0 163

বোম্বে উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰিয়াৰ।
আজি মুম্বাই হাই ক’ৰ্টৰ ন্যায়াধীশ এছ ভি কোটৱাইৰ এজনীয়া বিচাৰপীঠে এক লাখ টকা বণ্ডত জামিন প্ৰদান কৰে ৰিয়া চক্ৰৱৰ্তীক। লগতে জামিন পাইছে ছেমুৱেল মিৰাণ্ডা, দীপেশ সাৱন্তেও।

যোৱা ৮ ছেপ্টেম্বৰত তিনিদিনৰ মাৰাথন জেৰা চলোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীক। ড্ৰাগছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নাৰ্ক’টিক কন্ট্র’ল ব্যূৰ’ৱে গ্ৰেপ্তাৰ কৰিছিল ৰিয়াক ।

কিন্তু বৰ্তমানেও ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীয়ে পোৱা নাই জামিন।

ৰিয়াৰ জামিনৰ খবৰৰ পিছত, এতিয়া সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ন্যায় বিচাৰি থকা অনুৰাগী সকলৰ মনত এক নিৰাশাৰ বাবে ক্ৰিয়া কৰাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে।

media school
Leave A Reply

Your email address will not be published.