৬ দিনৰ বাবে CID ৰ জিম্মালৈ প্ৰেৰণ এছ আই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তক ।

0 526

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তক আজি আদালতত হাজিৰ কৰোৱাৰ পিছত ৬ দিনৰ বাবে CID ৰ জিম্মালৈ প্ৰেৰণ কৰে ।

পি কে দত্তক CID য়ে ৭ দিনৰ জিম্মালৈ বিচাৰিছিল যদিও কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত ৬ দিনৰ বাবে CID ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় পি কে দত্তক।

ৰাজ্য তোলপাৰ লগোৱা এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তক মঙলবাৰে পুৱা নেপালৰ কাকৰভিটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি দত্তক লৈ অহা হৈছিল গুৱাহাটীলৈ।

media school
Leave A Reply

Your email address will not be published.